নগাঁওঃ তিৱা জনগোষ্ঠীৰ ভাষা-সাহিত্য,কলা-সংস্কৃতিৰ ক্ষেত্ৰখনি অধিক তৰান্বিত কৰাৰ অন্যতম অনুষ্ঠান তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা)ৰ নগাঁও জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখনি ৬ জানুৱাৰীত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে জিলাখনৰ বেবেজীয়াস্থিত ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় প্ৰাংগণত উদযাপনৰ দিহা কৰা হৈছে৷

সেই উপলক্ষে লক্ষীন্দ্ৰ হোকাইক সভাপতি আৰু দিগন্ত বৰদলৈক সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠনেৰে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত তিৱা মাথনলাই তখ্ৰাৰ নগাঁও জিলা সমিতিৰ সভাপতি যোগেশ্বৰ বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ পাছতেই স্মৃতি তৰ্পণ কৰিব তিৱা মাথনলাই তখ্ৰাৰ নগাঁও জিলা সমিতিৰ সম্পাদক চিত্ৰৰাম দেউৰীয়ে৷

পুৱা ৯ বজাত প্ৰতিনিধি পঞ্জীয়নৰ অন্তত ১০ বজাত প্ৰতিনিধি সভাগৃহৰদ্বাৰ উন্মোচন কৰিব ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ হেমকান্ত বৰুৱাই৷

পুৱা ১০.৩০ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈয়ে৷ দিনৰ ১১ বজাৰপৰা প্ৰথম প্ৰতিনিধি সভা, ১ বজাত আহাৰ বিৰতি আৰু বিয়লি ২ বজাত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় প্ৰতিনিধি সভাৰদ্বাৰা অধিবেশনখনিৰ সামৰণি পেলোৱা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷