
নগাঁওঃ সদৌ অসম ট্ৰাইবেল সংঘৰ নগাঁও জিলা সমিতিৰ ৩০ সংখ্যক সাধাৰণ অধিবেশনখনি জিলাখনৰ কাছমাৰীত অনুষ্ঠিত হ’ব৷
পলাশতল-কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অহা ২৪-২৫ জুনত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব এই অধিবেশনখন ৷
অধিবেশনখন সুচাৰুৰূপে পৰিচালনাৰ্থে অৰ্জুন বৰদলৈক সভাপতি, প্ৰশান্ত কোঁৱৰক সম্পাদক তথা পংকজ বৰদলৈ আৰু গোলেশ্বৰ বৰদলৈক সহঃ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ১০ বজাত প্ৰতিনিধি পঞ্জীয়ন আৰু বিয়লি ১ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ অন্তত প্ৰতিনিধিৰ প্ৰথম বৈঠক অনুষ্ঠিত হ’ব৷
দ্বিতীয় দিনা পুৱা ৭ বজাত পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰ পিছতে ৮-৩০ বজাৰ পৰা প্ৰতিনিধিৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ’ব।
১০ বজাত বৃহত্তৰ কাছমাৰীত উলিওৱা হ’ব এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰায। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব মুকলি সভা ৷
আনহাতে,সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে বিশিষ্ট কণ্ঠশিল্পী বিজয় ভূঞাই গীতৰ শৰাই আগবঢ়াব৷