
নগাঁওঃ ভয়াৱহ বানে মধ্য অসমত হাহাকাৰৰ সৃষ্টি কৰিছে৷ একপ্ৰকাৰ বানৰ বিভীষিকাত ককবকাইছে ৰাইজ৷ নগাঁও জিলাত কলং নৈৰ মথাউৰি নিশা প্ৰায় ২ বজাত ছিঙি নিয়াত বিস্তীৰ্ণ অঞ্চলত হাহাকাৰ লাগে।
শুই থকা অৱস্থাতে ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰে৷ ততমুহূৰ্ততে ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী হোৱাত শ শ লোকে কেৱল সতি-সন্তান লৈ ওখ ঠাইত থিতাপি লৈছে৷ ঘৰৰ কোনো সামগ্ৰী উলিয়াই আনিব পৰা নাই শ শ লোকে৷ সতি-সন্তান লৈ এতিয়া বিপদত পৰিছে লোকসকল৷
কাপোৰ-কানি, খাদ্য সামগ্ৰী একো আনিব নোৱাৰি এতিয়া মাথো চকুলো টুকিছে লোকসকলে৷ ভাত মুঠি খাবলৈও এখন কাহি নাই লোকসকলৰ৷ ব্ৰহ্মপুত্ৰৰ আৰু কলঙেৰে বৈ আহিছে পানীৰ ঢল৷ কলিয়াবৰ আৰু জখলাবন্ধাত অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ৷ বানে উটুৱাই নিলে ৩ খনকৈ ফুটব্ৰীজ আৰু কুঁৱৰীটোলৰ দলং৷
প্ৰায় অৰ্ধ শতাধিক গাঁও বুৰিল বানত৷ খেতিপথাৰ আৰু বহু বাসগৃহ পানীৰ তলত ৷ উজনি-নামনি সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৈছে পানী৷
কলঙেৰে বৈ অহা পানীৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি হৈ অহাত নগাঁও চহৰৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি৷ ইতিমধ্যে জিলা প্ৰশাসনে নগাঁও চহৰবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ দিয়াৰ লগতে হাই এলাৰ্ট জাৰি কৰাত একপ্ৰকাৰে চহৰখনত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ স্কুল-কলেজ-কাৰ্যালয় ডুব যোৱা পৰিলক্ষিত হৈছে।