নগাঁওঃ একালত ভ্ৰাম্যমান জগতত বেহেলা বাদনেৰে নাট্যপ্ৰমীৰ হৃদয় জয় কৰা প্ৰবীণ শিল্পী লীলা শইকীয়া বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে৷

নগাঁও জিলাৰ অন্তৰ্গত হাতীচোং মৌজাৰ মাজগাঁও নিবাসী আশী বছৰ গৰকা এই শিল্পীগৰাকী বিগত কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল৷ কিন্তু প্ৰবীণ শিল্পীগৰাকীৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটাত বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ লোকে তেওঁক নগাঁও চহৰৰস্থিত মাৰ্চি হাস্পতালত ভৰ্তি কৰায়৷

উল্লেখ্য যে, ষাঠি দশকত নটৰাজ অপেৰা, অসম ষ্টাৰকে ধৰি বহুকেইটা আগশাৰীৰ ভ্ৰাম্যমান নাট্যদলত বেহেলা বজাই ৰাইজৰ অন্তৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰবীণ শিল্পী লীলা শইকীয়াৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়া পৰিয়ালৰ লোকে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷

গতিকে এই ক্ষেত্ৰত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে সদাশয় ব্যক্তি, স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰপৰা কিছু সহায়ৰ আশা কৰিছে প্ৰবীন শিল্পীগৰাকীৰ পৰিয়ালে৷