
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত এফলিয়াবৰি নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপৰায়ন মহিলা ৰেণুপ্ৰভা মহন্তৰ বুধবাৰে এফলিয়াবৰিস্থিত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।
প্ৰয়াত ৰেণুপ্ৰভা মহন্ত চৰিপোতা সত্ৰৰ প্ৰয়াত ডেকা সত্ৰাধিকাৰ শুকদেৱ মহন্তৰ পত্নী।
মৃত্যুৰ সময়ত ৰেণু প্ৰভা মহন্তৰ বয়স হৈছিল ৯০ বছৰ। প্ৰচুৰ অধ্যয়নস্পৃহা থকা মহন্তই মৃত্যুৰ সময়লৈকে কেইবা সহস্ৰাধিক গ্ৰন্থ অধ্যয়ণ কৰিছিল।
তেখেতৰ দৃষ্টি শক্তি আৰু স্মৰণ শক্তি অতি প্ৰখৰ আছিল। মৃত্যুৰ সময়লৈকে তেওঁ খালী চকুৰে অধ্যয়ণ কৰিব পাৰিছিল। তদুপৰি তেওঁৰ এহেজাৰ ঘোষা মুখস্থ আছিল। তেওঁ কাল সংহতিৰ নিয়মসমূহো নিষ্ঠাৰে পালন কৰিছিল তেওঁ।
সৰবৰহী মহিলা গৰাকীয়ে দীন-হীন লোকক সহায় কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ৭ জন পুত্ৰ আৰু ২ গৰাকী কন্যাৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত সত্ৰমহাসভা, শ্ৰী শ্ৰী গোপালদেৱ সমাজ, গোপালদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ, লাচিত বৰফুকন হাইস্কুল, বল্লভভাই পেটেল নিম্ন বুনিয়াদী বিদ্যালয় আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।