
নগাঁওঃ আন্তৰ্জাতিক আলু গৱেষণা প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয় সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত কৃষকৰ পথাৰত ৰূপায়িত হৈ থকা বিভিন্ন প্ৰজাতিৰ আলুৰ গুণগত মান নিৰূপণ আঁচনিৰ এখনি কৰ্মশালা বৃহস্পতিবাৰে অনুষ্ঠিত হয়।
নগাঁৱৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত কৰ্মশালাখনিত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পঞ্চাশ গৰাকী কৃষকে অংশগ্ৰহণ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই কৰ্মশালাৰ আৰম্ভনিতে আদৰণি ভাষণত কৃষকৰ সহযোগত উপযুক্ত আলুৰ জাত নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় দিশসমূহ আলোকপাত কৰে।
কৰ্মশালাত চি আই পি (International Center for Potato)ৰ বিজ্ঞানী ডঃ ই দিনাকৰনে কৃষকৰ পথাৰত উৎপাদিত বিভিন্ন জাতৰ আলু চপাই গুণগত মানৰ আলুৰ জাত এই অঞ্চলৰ বাবে নিৰ্বাচন কৰাত কৃষক সকলক পৰামৰ্শ আগবঢ়ায়। কৃষকৰ পথাৰতেই সক্ৰিয় অংশ গ্ৰহণেৰে হাতে কামে ৰূপায়িত এনে আঁচনিৰ বাবে কৰ্মশালাত উপস্থিত সকলোৱে শলাগ লয়।