♦ চাৰিমাহত নগাঁৱৰ তিনিজনকৈ যুৱকে বহিঃৰাজ্যত অকালতে হেৰুৱালে প্ৰাণ

নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ শিমলুআটি অঞ্চলৰ এজন উদীয়মান যুৱকৰ বহিঃ ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য মতে, তিনিমাহ পূৰ্বে শিমলুআটিৰ প্ৰয়াত হুচেন আলীৰ পুত্ৰ আব্দুল চালাম (২৭ ) লগৰীয়াৰ লগত কৰ্মসংস্থাপন বিচাৰি চেন্নাইৰ পুনিয়াৰীলৈ গৈছিল। তাতেই যুৱকজনে 'এলেমপাঠ চাৰ্ভিছ চেন্টাৰ'ত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল। যোৱা ৮ ডিচেম্বৰত দুপৰীয়া ১২ বজাত 'এলেমপাঠ ছাৰ্ভিচ চেন্টাৰ'ত বৈদ্যুতিক সামগ্ৰীৰে কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকজনে কৰুণ মৃত্যুক আকোৱালি লয়।
উল্লেখ্য, বিগত প্ৰায় পাঁচ বছৰ ধৰি আব্দুল চালামে উক্ত ঠাইত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল। সহজ সৰল যুৱক আব্দুল চালামৰ অকাল মৃত্যুত বৃহত্তৰ শিমলুআটিত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱকজনে পত্নীসহ এজন পুত্ৰ, এগৰাকী কন্যা আৰু মাতৃৰ লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।
প্ৰকাশ যে, চলিত বৰ্ষৰ ১০ ছেপ্টেম্বৰত বটদ্ৰৱাৰ নিকটৱৰ্তী হাইডুবি গাঁৱৰ মাহমাদুল হাচান নামৰ এজন যুৱক চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লৈছিল৷ আনকি চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ পাম গাঁৱৰ জাকাৰিয়া হক চৌধুৰী নামৰ এজন যুৱকে কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্য কেৰেলাত গৈ বালি কঢ়িয়াই ৰে'ল লাইন পাৰ হওঁতেই ৰে'লৰ চেপাত অকাল মৃত্যুক সাৱটি লৈছিল।
বিগত চাৰিটা মাহৰ ভিতৰত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ তিনিজনকৈ যুৱকে কাম বিচাৰি গৈ বহিঃৰাজ্যত অকাল মৃত্যু হোৱাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।