
newsnextone.xom | গুৱাহাটীঃ কাৰ্বি আংলঙৰ ডকমকাত দুই যুৱ শিল্পী নীলোত্পল দাস আৰু অভিজিৎ নাথক সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাক চাঞ্চল্য মাৰনৌযাওঁতেই নগাঁও চহৰত একাংশ উদণ্ড যুৱকে বাইকত উঠি দল বান্ধি কাৰ্বি লোকৰ পৰা পৰিচয় পত্ৰ বিচৰা বুলি খবৰ আহিছে৷
নগাঁও-ডিফু বাছ আস্থান, তথা ৰাজপথত কাৰ্বি আংলং অভিমুখে যাব ওলোৱা যাত্ৰীবাহী বাছ ৰখাই কাৰ্বি লোকৰ সন্ধান কৰা বুলি জানিব পৰা গৈছে৷ ৰাজপথ আৰু একাংশ জনগোষ্ঠীয় অৱয়বৰ যুৱক-যুৱতীক পৰিচয় পত্ৰ বিচৰা বুলি খবৰ আহিছে৷ এই সমস্ত ঘটনা বিভিন্ন লোকে মোবাইলত আৱদ্ধ কৰা বুলিও জানিব পৰা গৈছে৷
একাংশ কাৰ্বি লোকক ভাবুকি দিয়া বুলি জানিব পৰা যায়৷ মৰিগাঁৱৰ এজন জনজাতীয় অৱয়হৰ যুৱকক ক’ত যোৱা বুলি প্ৰশ্ন কৰি পৰিচয় পত্ৰ বিচাৰি তৰ্কাতৰ্কি কৰাৰো খবৰ আহিছে৷ এহাল যুৱক-যুৱতীক পথত ৰখাই বিভিন্ন প্ৰশ্ন কৰে৷ নগাঁও-ডিফু বাছ আস্থানত বিভিন্ন জনজাতীয় অৱয়বৰ লোকক প্ৰমাণ পত্ৰ বিচৰাৰ লগতে তহতৰ ততা গলে অনুমতি লৈ যাব লাগে তহতে ইয়াত আহিলে অনুমতি লৈ আহিব লাগিব বুলি কোৱা বুলি জানিবহ পৰা যায়৷ নগাঁও চহৰৰ মাজমজিয়াত জনগোষ্ঠীয় অৱয়বৰ যুৱক-যুৱতীহালক পৰিচয় পত্ৰ বিচাৰি হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে৷
একাংশ লোকৰ এনে কাণ্ড আৰু ছচিয়েল মিডিয়াত কৰা মন্তব্যই অসম খনক জ্বলাব বুলি কয়৷ জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ সৃষ্টি হ’ব৷ মাথো এখন গাঁৱৰ কেইজনমান লোকে ভুল কৰিলে সমগ্ৰ কাৰ্বি আংলং জিলা খনক অপমান বা দোষী সাব্যস্ত কৰিব নোৱাৰিব বুলি কয়৷ এখন গাঁৱৰ অন্ধবিশ্বাসী লোকে কৰা বৰ্বৰতাৰ বাবে কাৰ্বি জনগোষ্ঠী দায়ী নহয়৷ কাৰ্বিৰ বিৰুদ্ধে বিদ্ধেষৰ বীজাণু এৰাৰ পৰিৱৰ্তে পুনৰাই এনে ঘটনা নঘটক তাৰ ব্যৱস্থা কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ জনগোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষৰ ভাৱ ছটিয়ালে সাম্প্ৰদায়িক সংহতি বিনষ্ট হ’ব বুলিও কয় একাংশ লোকে৷
আনহাতে কাৰ্বি আংলঙৰ বোকাজান চহৰৰ এগৰাকী সচেতন যুৱক প্ৰাণদীপ চেতিয়াই লিখা এটা ফেচবুক পোষ্টত কয় ‘‘কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত নাৰকীয় হত্যাকাণ্ড যেনেদৰে এক ঘৃণনীয় অপৰাধ ঠিক তেনেদৰে উক্ত ঘটনাটোক সৰলীকৃত কৰি সমগ্ৰ কাৰ্বি আংলং জিলাখনক তথা কাৰ্বি জনগোষ্ঠীটোক বা কাৰ্বি জনসাধাৰণক জগৰীয়া কৰি কটু মন্তব্য দিয়াটোও সমানেই ঘৃণনীয়৷ আমাৰ ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে হত্যা, ধৰ্ষণৰ লগতে বিভিন্ন অসামাজিক কাৰ্য সংঘটিত হয়৷ কিন্ত তাৰবাবে সেই নিদিষ্ট ঠাইখিনিৰ সকলো বাসিন্দাক হত্যাকাৰী বা ধৰ্ষণকাৰী বুলি অভিহিত কৰাটো সমীচিন বা যুক্তিসংগত হ’ব নোৱাৰে৷ একাংশ লোকে ছ’চিয়েল মিডিয়াত কৰা মন্তব্যই অসমখনক জ্বলাব, জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ সৃষ্টি হ’ব৷ মাথো এখন গাঁৱৰ বাবে আপুনি মই সমগ্ৰ কাৰ্বি আংলং জিলাখনক অপমান বা দোষী সাব্যস্ত কৰিব নোৱাৰিম আৰু যদি তেনে কৰে তেন্তে অদুৰ ভবিষ্যতে আপোনাসৱৰ তেনে মন্তব্যৰ বাবে কাৰ্বি আংলংত স্থায়ীভাবে বসবাস কৰা অসমীয়া ভাষিকলোকসকল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত যে বিপদৰ সন্মুখীন হবলগীয়া হ’ব সেইয়াও কিন্ত ধুৰূপ৷ এখন গাঁৱৰ অন্ধবিশ্বাসী লোকে কৰা বৰ্বৰতাৰ বাবে কাৰ্বি জনগোষ্ঠী দায়ী নহয়৷ কাৰ্বিৰ বিৰুদ্ধে বিদ্ধেষৰ বীজাণু এৰাৰ পৰিৱৰ্তে পুনৰাই এনে ঘটনা নঘটক তাৰ ব্যৱস্থা কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ জনগোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষৰ ভাৱ ছটিয়ালে সাম্প্ৰদায়িক সংহতি বিনষ্ট হ’ব৷ আহক আমি সকলো এনে সাম্প্ৰদায়িক সংহতি বিনষ্ট কৰিব পৰা সকলো প্ৰকাৰৰ কাৰকৰ পৰা আঁতৰত থাকি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবীত চৰকাৰক হেচা প্ৰয়োগ কৰো৷ সদৌ শেষত জীৱনৰ শেষ উশাহলৈকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো হত্যা কৰা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ মৃত্যুৰ উচিত তদন্ত দাবী কৰি তেওঁলোকলৈ জনাইছো সহস্ৰ কৌটি প্ৰণাম৷ তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰিলো৷’’
#newsnextone.com-এ এই বাতৰি কেৱল আৰক্ষী-প্ৰশাসনে এই খবৰ লাভ কৰক তাৰ বাবে আৰু জনসাধৰণক সজাগ কৰাৰ বাবেহে প্ৰচাৰ কৰা গৈছে৷