জাজৰিত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

নগাঁও: নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জাজৰি আৰক্ষী থানাৰ চৌহদৰ জাজৰি থানা গাঁও ৰক্ষী বাহিনীৰ কাৰ্যালয়ত আজি এখনি আইন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দশ্য ব্যাখ্যা কৰে জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ৷

সভাত অধিবক্তা ৰূপালী গোস্বামীয়ে আইনৰ মূল ধাৰণাৰ সন্দৰ্ভত উল্লেখ কৰি দেৱানী আৰু অপৰাধজনীত আইনৰ বিষয়ে আৰু অধিবক্তা জেচমিন বেগমে জিলা আইন সেৱা প্ৰাধিকাৰীনো কি আৰু ইয়াৰ দ্বাৰা ৰাইজ কিদৰে উপকৃত হ’ব পাৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ বিপৰীতে অধিবক্তা জামাল উদ্দিন চৌধুৰীয়ে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে ৰূপায়িত এম জি এনৰেগাৰ আঁচনিখনৰ বিষয়ে উপস্থিত ৰাইজক পুংখানুপুংখকৈ বুজাই দিয়ে ৷

জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁত ধৰা সভাখনিত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা প্ৰকাশ বৰা,হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা,জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন ভড়ালী,গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক যজ্ঞ বৰা,জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি যজ্ঞ বৰা,অৰ্ধ আইনী সহায়ক দ্বীপেন শইকীয়া,পাপুমনি বৰা,বিতোপন কোঁৱৰকে প্ৰমুখ্য কৰি বৃহত্তৰ জাজৰি আৰক্ষী থানা এলেকাৰ বিভিন্ন অঞ্চলৰ গাঁওবুঢ়া,গাঁওৰক্ষী বাহিনীৰ বিষয়-ববীয়া আৰু সদস্যসকলৰ লগতে শতাধিক লোক উপস্থিত থাকে ৷