
newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি-বগৰীখুটি-মহেন্দ্ৰনগৰ সংযোগী পথৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক জীয়তু ভোগাই আহিছে। প্ৰায় ১২-১৩ বছৰ পূৰ্বে নাগ্ৰীজুলিৰ গগন চ’কৰ পৰা বগৰীখুটি-শৰ্মা চ’ক-হস্তীনাপুৰ হৈ ভাৰত-ভূটান সীমান্তৰ মহেন্দ্রনগৰ (গুৱাবাৰী) বজাৰলৈ প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল।
কিন্তু নিৰ্মাণৰ পিছত পথছোৱা এবাৰো মেৰামতি নকৰাৰ ফলতেই অতি সম্প্ৰতি নাগ্ৰীজুলিৰ পৰা গুৱাবাৰীলৈ বিস্তৃত এই গুৰুত্ত্বপূৰ্ণ পথছোৱা সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে। প্ৰতিদিনে বৰনদী শিল-বালি মহলৰ পৰা বহু সংখ্যক ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিয়ে অতিৰিক্ত বোজাই দি শিল-বালি কঢ়িওৱাৰ ফলত পথছোৱা বিধস্ত হৈ পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ।
ফলত যাত্ৰীবাহী বাছ, চাৰিচকীয়া বাহন, দুচকীয়া বাহন আনকি চাইকেল আদিও চলাচল কৰাৰ বাবে পথছোৱা অনুপযোগী হৈ পৰিছে। গুৱাবাাৰী, মহেন্দ্ৰনগৰ, হস্তীনাপুৰ, অৰঙাজুলি আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা বিদ্যালয়-মহাবিদ্যালয় আদিৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱা কৰে। কিন্তু পথছোৱাৰ দুৰৱস্থাৰ বাবে এইসকল ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ এই পথছোৱাৰে অহা যোৱা কৰাত সমস্যাৰ সম্মুখীন হৈ আহিছে।
পথছোৱাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সঘনাই সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে এই পথছোৱাত। অলপ বৰষুণ হ’লেই পথছোৱা পানীৰে একাকাৰ হৈ পৰে। এই পথছোৱাৰে বিভিন্ন গাঁৱৰ মানুহে নাগ্ৰীজুলি বজাৰ, মহেন্দ্ৰনগৰ বজাৰ আদিলৈ কৃষিজাত সামগ্ৰী সমূহ কঢ়িয়াই আনিবলৈ তথা সমস্যাৰ সম্মুখীন হৈ আহিছে দীৰ্ঘদিন ধৰি।
এই পথছোৱা অনতি পলমে মেৰামতি কৰি গাড়ী-মটৰ বা অন্যান্য যান বাহনৰ চলাচলৰ উপযোগী কৰি তুলি অঞ্চলটোৰ হেজাৰ হেজাৰ লোকৰ যাতায়তী সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধি, চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। অন্যথা অঞ্চলটোৰ ৰাইজে পথছোৱা মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে।