
নাহৰকটীয়াঃ সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে নৈত জাপ দিয়া ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে নাহৰকটীয়াত৷ সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে ছাত্ৰী-ছাত্ৰীৰ সন্মুখত শিক্ষয়িত্ৰীয়ে কৰা অপমাv সহিব নোৱাৰি চৰম সিদ্ধান্ত লয় বুলি অভিযোগ উত্থাপিত হৈছে৷
নাহৰকটীয়াৰ সম্ভ্ৰান্ত শিক্ষানুষ্ঠান ছেইন্ট মেৰীজ স্কুলৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে মঙলবাৰে বুঢ়ীদিহিঙত জাপ দি অাত্নহত্যা কৰা ঘটনাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ যিটো সময়ত সমনীয়াৰ সৈতে খেল-ধেমালি কৰি সময় অতিবাহিত কৰিব লাগে সেই সময়ত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ কথা ভাবিব লগা হোৱাটো ঘটনাক লৈ নাহৰকটীয়াত সৰৱ চৰ্চা আৰম্ভ হৈছে৷
চাচনী আমগুৰি গাঁও নিৱাসী পুতুল শৰ্মাৰ কন্যা তথা নাহৰকটীয়া ছেইন্ট মেৰীজ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী নম্ৰতা শৰ্মাক স্কুলত শিক্ষয়িত্ৰীয়ে বিনা কাৰণত অপমান আৰু চৰম অত্যাচাৰ কৰা বাবেই অাত্মহত্যাৰ পথ বাছি লয় বুলি অভিযোগ উত্থাপন হৈছে।
স্কুল ছুটীৰ পাছত ঘৰলৈ নাহি ছাত্ৰীগৰাকীয়ে চাচনী গাভৰু দলঙৰ পৰা বুঢ়ীদিহিং নৈৰ বুকুত জাপ দি মৃত্যুক আকোৱালি লয়। জানিব পৰা মতে, দলংৰ ওপৰত পৰি থকা বেগ উদ্ধাৰ হোৱাৰ পাছতে হে সকলো কথা স্পষ্ট হয়৷
বেগটোৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা ছুছাইড নোটত অাত্মহত্যাৰ কাৰণ লিখি থৈ যোৱা বুলি জানিব পৰা গৈছে৷ স্কুলৰ হেড ছিষ্টাৰ বেনিচ ছাবষ্টিয়ানে সকলো ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কোনো কাৰণ নোহোৱাকৈ চৰম অপমান কৰাৰ লগতে চৰ শোধাই বুলি জানিব পৰা গৈছে৷
যাৰ ফলত ছাত্ৰীগৰাকীয়ে অপমান সহ্য কৰিব নোৱাৰি আত্মাহত্যা কৰাৰ সিদ্ধান্ত লয়৷ চৰকাৰে ছাত্ৰ-ছাত্ৰীক শাস্তি দিয়া প্ৰথা বন্ধ কৰিছে যদিও একাংশ শিক্ষক-শিক্ষিয়ত্ৰীয়ে এই কথাক আওকাণ কৰি কণ কণ ল'ৰা-ছোৱালীক মাৰধৰ কৰা দেখা যায়৷ স্কুলখনৰ শিক্ষয়িত্ৰী গৰাকীয়ে বহু দিনৰ পৰা এনেকৈ ছাত্ৰ-ছাত্ৰীক মাৰ ধৰ কৰি অাহিছে বুলি অভিযোগ উত্থাপন হৈছে।
মঙলবাৰে নদীত জাপ দিয়া ছাত্ৰীগৰাকীৰ মৃত দেহ উদ্ধাৰৰ বাবে অভিযান চলাই অাহিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটো সন্দৰ্ভত অাৰক্ষীয়ে তদন্ত কৰি থকাৰ লগতে অাজি দিনৰ ভাগত স্কুললৈ গৈ সোধ-পোছ কৰে স্কুল কৰ্তৃপক্ষক।