
চামগুৰিঃ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। ৰাজ্যৰ জকাইচুকু, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে অসমীয়াৰ পদূলি৷ এতিয়া ৰাজ্যৰ চৌদিশে বিহুক লৈ ব্যাপক ব্যস্ততা৷ নগঞা ৰাইজৰো ব্যস্ততাৰ ওৰ পৰা নাই৷
বিগত বৰ্ষসমুহৰ দৰে এইবেলিও নগাঁৱৰ সাংবাদিক, বিশিষ্ট লোকৰ উদ্যোগত একাদশ বাৰ্ষিক সদৌ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুৱালিত অহা ১-২ ব'হাগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰঙালী বিহু।
১ ব'হাগত পৰম্পৰাগতভাবে চহৰ খনৰ বিশিষ্ট লোকসকলৰ চোতালত হুঁচৰি গাই নিমন্ত্ৰণ জনোৱাৰ লগতে জ্যেষ্ঠজনক সেৱা আৰু শ্ৰদ্ধা জনাব৷ ২ ব'হাগৰ বিয়লি ৪ বজাৰ পৰা নেহৰুবালিত অনুষ্ঠিত হ'ব মুকলি বিহু আৰু সাংস্কৃতিক সন্মিলন।
মুকলি বিহুত অংশ গ্ৰহণ কৰিব শিৱসাগৰ জিলাৰ চৰাইদেউ বিহু দল, গুৱাহাটীৰ মেজাংকৰি বিহু দল, মৰিগাঁও জিলাৰ ঢোলবিৰি সমন্বয় সাংস্কৃতিক গোষ্ঠী, তিৱা বিহু আৰু বিভিন্ন জনগোষ্ঠীৰ বিহু দলে৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে উদ্বোধন কৰিব লগা মুকলি বিহুত লোক-সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। সদৌ নগাঁও ৰঙালী বিহু উৎসৱৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।