
মঙলদৈঃ এটি দৰিদ্ৰ পৰিয়ালত তাইৰ জন্ম৷ পিতৃ-মাতৃৰ কোলাৰ পৰা নামি এদিন তাই খোজ কাঢ়িব পৰা হ’ল৷ লাহে লাহে তাই ডাঙৰ হৈ আহিব ধৰিলে৷ প্ৰায় ৫ বছৰ বয়সত তাইক পিতৃ-মাতৃয়ে স্কুলত নাম লগাই দিলে৷
স্কুলত কেইদিন মান তাই খুব কন্দা-কটা কৰিছিল৷ মাকে তাইক সংগ দিব লগা হৈছিল স্কুলত৷ লাহে লাহে কান্দিবলৈ এৰি এদিন তাই নিজে পিঠিত বেগ লৈ স্কুললৈ যাব পৰা হ’ল৷ গাঁৱৰ লুংলুঙীয়া বাটেৰে দৌৰিব পৰা হ’ল, সমনীয়াৰ সৈতে হাউ-লুকাভাকু খেলিব পৰা হ’ল৷
বোকা পানীৰে পূৰ্ণিমাৰ জোন জোন খেলে তাই৷ ৰ'দ-বৰষুণ কাটি কৰি সমনীয়াৰ সৈতে হাঁহি-ধেমালি কৰে৷ যাৰ বাবে পৰিয়ালৰে সকলোৰে আপোন তাই৷ গাঁওখনৰো সকলোৰে আপোন তাই৷ তাই সৰুৰে পৰা ধুনীয়া আছিল৷ প্ৰাথমিক স্কুলৰ দেওনা পাৰ হৈ এদিন হাই স্কুলত নামভৰ্তি কৰিলে৷
এবছৰ দুবছৰ পাৰ কৰি এদিন তাই দশম শ্ৰেণী পালে৷ তাই সজাগ হৈ মেট্ৰিকৰ দেওনা পাৰ হ'বৰ বাবে ভালকৈ পঢ়া-শুনা কৰিবলৈ ধৰিলে৷ মাক-দেউতাকৰ সপোন তাই এদিন পঢ়ি শুনি ডাঙৰ মানুহ হ’ব৷ ঠিক পৰীক্ষাৰ আগে আগে তাই বেমাৰত আক্ৰান্ত হয়৷ সাধাৰণ ৰোগত পৰাত পৰিয়ালে চিকিৎসা কৰে যদিও কোনো সুফল নাপালে।
এতিয়া ২১ বছৰীয়া হ'ল যদিও ছোৱালীজনীক পিতৃ-মাতৃয়ে ইয়াৰ পৰা তালৈ তাইক দাঙি নিব লগা হয়৷ নাম তাইৰ নাজিমা বেগম। মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ সপোন আধৰুৱা হৈ ৰোৱা নাজিমাই এতিয়া চকীত বহিয়েই দিন পাৰ কৰে৷
দীপলিপ গাভৰু গৰাকী এতিয়া হাড় কেইডালেৰেহে জীয়াই আছে৷ পিতৃ-মাতৃ অবিহনে একো কৰিব নোৱাৰে তাই৷ অচিন ৰোগে সকলো সপোন চূৰমাৰ কৰিলে তাইৰ। তাই এতিয়া খাব নোৱাৰা হ’ল, খোজ কাঢ়িৱ নোৱাৰা হ’ল। বন্ধ হৈ পৰিল মাত-কথা।
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে প্ৰথম অৱস্থাত নাজিমাক চিকিৎসা কৰিছিল যদিওঁ পাছত বিফল হয়৷ টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰাত লাহে লাহে নাজিমাৰ স্বাস্থ্যৰ অৱনতি ঘটে। ৰিক্সা চলাই-দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ নাজিমুদ্দিনে চিকিৎসাৰ বাৱে বিক্ৰী কৰিব লগা হয় নিজৰ মাটি-বাৰী।
তথাপিও নাজিমাৰ স্বাস্থ্যৰ কোনো পৰিৱৰ্তন নহ’ল৷ উপায়হীন হৈ পৰা পৰিয়ালটোৱে চৰকাৰ তথা ৰাইজৰ পৰা বিচাৰিছে সহায়। চৰকাৰ, দল-সংগঠনৰ লগতে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে বিচাৰিছে আপোনাৰো সহয়৷ নাজিমাই আগৰ দৰেই সুস্থ হওক আপোনাৰ সহায়েৰে৷ নাজিমাক সহায় কৰিবলৈ ৭০৩৫৫৮২৬৪৪ নম্বৰত যোগাযোগ কৰিব পাৰে।