
নতুন দিল্লী/গুৱাহাটীঃ ৰাজধানী দিল্লীত শীতৰ লহৰ। তাপমাত্ৰা দিনৰ ১২ বজা পৰ্যন্ত ১৪-১৫ ডিগ্ৰী। ফিৰফিৰিয়া বতাহ বলিছে। হাড় কপোৱা এনে জাৰৰ মাজতে সোমবাৰে হঠাৎ উত্তাল হৈ পৰে ব্যস্ত বিজয় চক।
শিলচৰত কৰা ঘোষণাৰ পিছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ দাখিল কৰিবলৈ যো-জা চলোৱাৰ সময়তে আজি পুৱাই শ শ প্ৰতিবাদকাৰী দিল্লীৰ ৰাজপথলৈ ওলাই আহে। কৃষক মুক্তি সংগ্ৰাম সমিতসহ ৬৯টা দল-সংগঠনৰ শ শ সদস্যই সাব্যস্ত কৰা এই প্ৰতিবাদ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে উক্ত স্থানত নিয়োজিত নিৰাপত্তাৰক্ষীসকল।
প্ৰচণ্ড শীতকো নেওচি প্ৰতিবাদকাৰীসকলৰ অধিকাংশই গাৰ সকলো কাপোৰ খুলি সম্পূৰ্ণ উলংগ হৈ মোদী চৰকাৰক সজোৰে সকীয়াই দিয়ে। উলংগ প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী গ’ বেক, বাংলাদেশী গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ধ্বনিৰে কঁপাই তোলে দিল্লীৰ আকাশ-বতাহ।
প্ৰতিবাদকাৰীসকলৰ এনে উগ্ৰ ৰূপ প্ৰত্যক্ষ কৰি মূহূৰ্ততে সষ্টম হৈ পৰে দিল্লী আৰক্ষী। তৎমুহূৰ্ততে দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে আটক কৰি সমীপৱৰ্তী থানালৈ লৈ যায়।
ইফালে ৰাজধানী দিল্লীত অসমৰ প্ৰতিবাদকাৰীসকলে এনেদৰে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰিছে শাসকীয় দল বিজেপিৰ ভিতৰচ’ৰা। বিশেষকৈ দিল্লীৰ পিছতে তিনিচুকীয়াতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাত দলটোৰ ৰাজ্যিক কমিটিয়ে বিষয়টোক লৈ নতুন ৰণনীতি যুগুতোৱাৰ পৰিকল্পনা কৰাৰো খবৰ পোৱা গৈছে।
উল্লেখ্য যে, অসম চুক্তি তথা অসমীয়া জাতিৰ আৱেগ আৰু আশা-আকাংক্ষাক ধূলিস্যাৎ কৰি জেপিচিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত দাখিল কৰিবলৈ যো-জা চলোৱাৰ পৰিপ্ৰেক্ষিততে আজি ৰাজ্যজুৰি কৃষক মুক্তিসহ ৭০টাকৈ দল-সংগঠনে ক’লা পতাকা উত্তোলনেৰে 'ঘৃণা দিৱস’ পালন কৰিছে। ইয়াৰ মাজতে দেশৰ ৰাজধানী দিল্লীৰ লগতে অসমৰো একাধিক স্থানত উলংগ প্ৰতিবাদ সাব্যস্ত কৰাটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য।