
নতুন দিল্লী/গুৱাহাটীঃ 'জাতিৰ বাবেহে আমি ইয়ালৈ আহিছো। আমাৰ আন কোনো অভিসন্ধি নাই।’- সংসদ মাৰ্গ আৰক্ষী থানাৰ বিষয়াৰ সমুখত এইদৰে কয় টাই আহোম যুৱ-ছাত্ৰ পৰিষদৰ নেতা লোহিত গগৈয়ে। সোমবাৰে সংসদ ভৱনৰ পৰা ২০ মিটাৰ নিলগত অতৰ্কিতে উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ লৈ যায় সংসদ মাৰ্গ থানাৰ আৰক্ষীয়ে।
দিনৰ প্ৰায় ১১.৩০ বজাত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা ১৪গৰাকী প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে দলটোক নেতৃত্ব দিয়া লোহিত গগৈ, বেদান্ত লস্কৰ, কৃষ্ণা শৰ্মা আৰু ৰুবুল দাস থানাত উপস্থিত হয়। টাইপাৰ নেতা লোহিত গগৈয়ে জনোৱা মতে সংসদ মাৰ্গ থানাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক সন্ধিয়ালৈকে আৱদ্ধ কৰি ৰাখিব বিচাৰিছিল। কিন্তু আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ অন্তত দিনৰ প্ৰায় ২ বজাত আটাইকে মুকলি কৰি দিয়ে।
'আমাৰ প্ৰতিবাদ আছিল অতৰ্কিত প্ৰতিবাদ। সকলো হতভম্ব হৈ পৰিছিল আমাৰ প্ৰতিবাদত। বিজয় চকত সেই সময়ত বিদেশী সংবাদ মাধ্যমসমূহো আছিল। লগে লগে সংসদ মাৰ্গ আৰক্ষীয়ে আমাৰ প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ লৈ যায়। অতৰ্কিত এই প্ৰতিবাদত সংসদ ভৱনৰ সমুখত একপ্ৰকাৰ হাহাকাৰ লাগে।’-এইদৰে কয় আন্দোলনক নেতৃত্ব দিয়া লোহিত গগৈয়ে।
'সংসদ মাৰ্গ আৰক্ষী থানাৰ বিষয়াক আমি স্পষ্টকৈ জনাইছিলো যে আমাৰ প্ৰতিবাদ জাতিৰ স্বাৰ্থতহে। সংসদৰ কাম-কাজত কোনো বিঘিনি ঘটোৱাতো আমাৰ উদ্দেশ্য নহয়। আমাৰ স্পষ্ট মন্তব্যৰ বাবে আটাইকে সন্ধিয়াৰ পৰিৱৰ্তে দুপৰীয়াতে মুকলি কৰি দিয়ে।’-গগৈয়ে কয়।
উল্লেখ্য যে, শিলচৰত দিনদিয়েক পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা আৰু যুটীয়া সংসদীয় কমিটিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন সদনত দাখিল কৰাৰ বিৰুদ্ধে সোমবাৰৰ দিনটো কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ টাকৈ দল-সংগঠনে 'ঘৃণা দিৱস’ হিচাপে পালন কৰিছে। এই ঘৃণা দিৱসৰ দিনাই দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাওনা হৈছিল সংগঠনকেইটাৰ একাধিক সদস্য।
দিল্লীলৈ যোৱা দলটোৰ মাজতে ১৪জনকৈ সদস্যই উলংগ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গোপনে আগতীয়াকৈ পৰিকল্পনা কৰিছিল। কৃষক মুক্তিৰ বেদান্ত লস্কৰ, টাইপাৰ লোহিত গগৈ, যুঁজাৰু দ্য ফাইটাৰ্ছৰ কৃষ্ণা শৰ্মা আৰু অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ ৰুবুল দাসৰ নেতৃত্বত ১৪জনকৈ সাহসী প্ৰতিবাদকাৰীয়ে প্ৰচণ্ড শীতকো নেওচি দিল্লীৰ ৰাজপথত সাব্যস্ত কৰে উলংগ প্ৰতিবাদ।
সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ জনোৱা প্ৰতিবাদকাৰীসকলৰ ৮জনেই হৈছে টাইপাৰ সদস্য। তেওঁলোক হৈছে নৱদ্বীপ বৰুৱা, ক্ষীৰোদ ৰাজকোঁৱৰ, পাৰ্থ ৰাজকোঁৱৰ, সুৰজিৎ টিপমীয়া, ৰিবুল বৰগোঁহাই, জয়ন্ত হাজৰিকা, মনদ্বীপ চাংমাই, ধ্ৰুৱজ্যোতি গগৈ।
আজিৰ উলংগ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ ২ সদস্য যাদৱ দাস আৰু কমলাকান্ত দাসে। উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ দুই সদস্য মেহমুদ আলী আৰু মতিন চৌধুৰীয়ে। আনহাতে গাৰ কাপোৰ খুলি জাতিৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰা আন দুজন প্ৰতিবাদকাৰী হৈছে দুৰ্নীতি বিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চৰ প্ৰদীপ বৰুৱা আৰু ঐক্য সেনা অসমৰ মনোৰঞ্জন বৰা।