
যোৰহাটঃ ভোগালী বিহুলৈ দিন চমু চাপিলেও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আজিও উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে দিল্লী আৰু তিনিচুকীয়াৰ পিছত শুকুৰবাৰে যোৰহাটতো বিধেয়কখনৰ বিৰুদ্ধে দেখা গ’ল উলংগ প্ৰতিবাদ।
যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ত শ শ প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে উলংগ হৈ বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায় এজন লোকে। মণ্টু দত্ত নামৰ এজন লোকে ৰাষ্ট্ৰীয় পতাকাৰ তলতে উলংগ হৈ বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰে এনে প্ৰতিবাদ।
লগে লগে কৰ্তব্যৰত আৰক্ষীয়ে লোকজনক কাপোৰ পিন্ধাই থানালৈ লৈ যায়। দিল্লী আৰু তিনিচুকীয়াৰ পিছত যোৰহাটতো উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে পূৰ্বতকৈও অধিক সষ্টম হৈ পৰে আৰক্ষী প্ৰশাসন।
ইফালে উলংগ প্ৰতিবাদ সাব্যস্ত কৰি মণ্টু দত্তই কয় যে বিজেপি চৰকাৰখনে সমগ্ৰ জাতিটোকে উলংগ কৰিছে। 'জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা দলটোৱে অসমীয়া জাতিটোকে আজি উলংগ কৰি দিলে। সেয়ে এনে প্ৰতিবাদেৰে প্ৰবঞ্চক দলটোক আমি সকীয়াই দিব বিচাৰিছো যে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যে মানি লোৱা নহ’ব।’-মণ্টুৱে কয়।