নলবাৰীঃ সৰ্বভাৰতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী দেশৰ প্ৰভাৱশলী মহিলা ছোনিয়া গান্ধীৰ ৭২ সংখ্যাক জন্ম দিন পালন কৰে নলবাৰী জিলা মহিলা কংগ্ৰেছ সমিতিয়ে৷ নলবাৰীৰ ৰাজীৱ ভৱনত পালন কৰা হয় জন্মদিন৷

নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত আয়োজন কৰা জন্মদিনৰ অনুষ্ঠানত দৰিদ্ৰ মহিলা, শিশু, ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ, পঢ়া সামগ্ৰী বিতৰণ কৰে।

জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে ছোনিয়া গান্ধী মহিলা সমাজৰ বাবে এক আদৰ্শ বুলি কয়। তেওঁৰ মনত আপোন-পৰ, উচ্চ-নীচ ভাব নাই।

মাথো দেশৰ উন্নতিৰ বাবে কাম কৰি আছে আজিও। মহিলা সমাজে ছোনীয়া গান্ধীৰ দৰে মহীয়সী নাৰীৰ জীৱন-দৰ্শন  অনুধাৱন কৰি দেশ-জাতিৰ বাবে কাম কৰিবলৈও আহ্বান জনাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। অনুষ্ঠানত জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিব্যজ্যোতি হালৈ সহ বহু মহিলা উপস্থিত থাকে।