নলবাৰীঃ সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ অাহ্বানত শীঘ্ৰেই অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত নলবাৰী জিলা সমিতিয়ে জিলা পুথি ভড়ালৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। 

সংগঠনটোৰ সভাপতি বিপিন ৰাজবংশী, সম্পাদক ডাঃ সমৰ তালুকদাৰ সহ মহিলা পৰিষদ, অাক্ৰাছু, যুৱ পৰিষদৰ শতাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহন কৰে ।