
নলবাৰীঃ শুকুৰবাৰে দিনৰ ১০ বজাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰংগণত প্ৰাক্তন ছাত্ৰ নেতা অমিয় বৰ্মনৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, অসম উন্নতি সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সম্পাদক অমিয় বৰ্মনৰ কালি দেহাৱসান হয়।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা আৰু পাছত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, সম্প্রতি অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী হৰি মন্দিৰৰ আজীৱন সভ্য, নলবাৰী জিলা সাহিত্য সভাকে ধৰি সমাজৰ বহু অনুষ্ঠানৰ লগত জড়িত আছিল।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্ৰাচাৰ্য উপস্থিত থাকি নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি ভাষণ প্ৰদান কৰি বৰ্মনৰ কৃতিত্ব বৰ্ণনা কৰে ৷ তেওঁ কয় যে আজি আমাৰ মাজৰ পৰা এটা সংগ্ৰামী সত্তা নোহোৱা হল৷ তেওঁৰ আত্মাই চিৰশান্তি পোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰৰ্থনা জনাইছোঁ ৷
তাৰ পাছতে নলবাৰী জিলা উপাযুক্ত স়ঞ্জীৱ কুমাৰ দাসেই নেতাজনক শেষ শ্ৰদ্ধা জনায় ৷ আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাসহ কেইবাজনো লোকে স্মৰণ কৰি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, সাধাৰণ সম্পাদক নিলকমল বৰ্মন, আছু নেতা শশাংক দত্তকে ধৰি শতাধিক বিশিষ্ট ব্যক্তি তথা ৰাইজে নেতাগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।