বৰনদ্দীঃ অসমৰ চুকে-কোণে চৰকাৰৰ নাগৰীকত্ব সংশোধনী বিলৰ ওপৰত প্ৰতিবাদ কাৰ্যসূচী চলি থকাৰ সময়তে সোমবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সন্থাৰ কৰ্মীসকলে ৰাতিপুৱা ৬ বজাৰপৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷

নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত, আছুৰ পতাকা ৰাজপথত গচকা, গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত বি জে পি চৰকাৰৰ বৰ্বৰতা আদিৰ প্ৰতিবাদ কৰি সংগঠনৰ কৰ্মীসকলে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷