
নলবাৰীঃ শুকুৰবাৰে বিয়লি নলবাৰীত সংঘটিত হয় তিনিটাকৈ পথ দুৰ্ঘটনা। নলবাৰীৰ জাজিয়াবাৰীত এখন দ্ৰুত বেগী ট্ৰেভেলাৰে মহতীয়ালে চাইকেল আৰোহীক। এই দুৰ্ঘটনাত দুজনকৈ চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়।
একে সময়তে নলবাৰীৰ সন্ধাত সংঘটিত হয় আন এটা দুৰ্ঘটনা। গুৱাহাটীৰপৰা নলবাৰীত বিবাহ অনুষ্ঠানলৈ অহা AS 01 8C 5177 নম্বৰৰ মেজিকত খুন্দা মাৰে দ্ৰুত বেগী বাছে। বাছখনৰ পঞ্জীয়ন নম্বৰ AS 14 C 5507। বাছৰ খুন্দাত মেজিক খাৱৈত সোমাই পৰে।
এই দুৰ্ঘটনাত শিশুসহ ১৬ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সমান্তৰালকৈ নলবাৰীৰ পাইকাৰকুছিত এখন ট্ৰাকে খুন্দা মাৰে যাত্ৰীবাহী টেম্প’ত। টেম্প’খনৰ পঞ্জীয়ন নম্বৰ AS 14 C 2763।
ট্ৰাকৰ খুন্দাত টেম্প’খন খাৱৈত বাগৰি পৰাত টেম্প’ আৰোহী সাতগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আটাইকেইজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।