নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অলপতে নলবাৰী চহৰৰ সমীপৱৰ্তী সুৰাদিত পৰিষদৰ এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয়। 

প্ৰায় পোন্ধৰ দিন পূৰ্বে গঠন হোৱা নতুন জিলা সমিতিখনে সংগঠনটোৰ সাংগঠনিক দিশটো আৰু অধিক শক্তিশালী কৰাৰ বাবে এনেধৰণৰ নতুন কাৰ্যপন্থা হাতত লোৱা বুলি জনায় সাধাৰণ সম্পাদক নিৰোদ দাসে৷

প্ৰায় দুকুৰি সদস্যই অংশগ্ৰহণ কৰা পূব নামবৰভাগ ৰাজহুৱা সভাঘৰত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সভাপতি মনোৰাম কলিতাই৷ সভাত অঞ্চলটোৰ যুৱ সমাজ সংগঠক দিপুল বৈশ্য, মানিক বৰ্মন, পৰেশ চন্দ্ৰ দাস, নগেন্দ্ৰ নাথ দাসৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বৰ্তমান সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তাৎপৰ্য সম্পৰ্কে বহলাই বাখ্যা কৰাৰ লগতে বৰ্তমান সময়ত যুৱ-ছাত্ৰ পৰিষদে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বুলি নিজ নিজ বক্তব্যত দোহাৰে৷ 

ইয়াৰ উপৰিও সভাখনত নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰীয়ে পৰিষদৰ দাবী আৰু লক্ষ্যৰ ওপৰত বক্তব্য ৰাখে। সভাখনত পৰিষদৰ জিলা সমিতিৰ উপদেষ্টা নগেন শালৈ, যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতা, জিলাৰ কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকে৷ উক্ত সভাখনতে দিপুল বৈশ্য, মানিক বৰ্মন, পৰেশ চন্দ্ৰ দাস, নগেন্দ্ৰ নাথ বৰ্মনক উপদেষ্টা, প্ৰহ্লাদ দাসক সভাপতি আৰু মনোজ বৰ্মনক সম্পাদক হিচাপে দায়িত্ব দি এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয়৷