নলবাৰীঃ নলবাৰীত ছাত্ৰ নেতাৰ মৃত্যু৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, অসম উন্নতি সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সম্পাদক অমিয় বৰ্মনৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বৰ্মন। অমিয় বৰ্মনৰ মৃত্যুত সমগ্ৰ নলবাৰী জিলাত শোকৰ ছাঁ পৰিছে। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা আৰু পাছত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, সম্প্রতি অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী হৰি মন্দিৰৰ আজীৱন সভ্য, নলবাৰী জিলা সাহিত্য সভাকে ধৰি সমাজৰ বহু অনুষ্ঠানৰ লগত জড়িত থকা নলবাৰী জিলাৰ বিপ্লৱী সন্তান মৰমৰ অমিয় বৰ্মনে যোৱা কিছুবছৰ ধৰি দুৰাৰোগ্য ব্যাধি কেন্সাৰৰ সৈতে যুঁজ কৰি অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানিলে। 

তেওঁৰ মৃত্যুত সমগ্র জিলাই এজন আদৰ্শ পুৰুষ হেৰুওৱাৰ লগতে এক অপূৰণীয় ক্ষতি বুলি ব্যক্ত কৰিছে৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক৷