
নলবাৰীঃ নলবাৰীৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান নবোদয় জাতীয় বিদ্যালয়ৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ অমল ডেকাই। ছহিদ তৰ্পণ কৰে উপাধ্যক্ষা গৰিমা দেৱীয়ে। দিনৰ এঘাৰ বজাৰপৰা আৰম্ভ হয় মুকলি সভা।
শিক্ষাবিদ, বিজ্ঞান সাহিত্যৰ জনপ্ৰিয় লেখক মহানন্দ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়ৰ অধ্যক্ষ তথা নলবাৰী জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অমল ডেকাই ভাষণ প্ৰসংগত কয় যে মাতৃভাষাক অবহেলা কৰি এটা জাতিক শ্ৰেষ্ঠ হিচাপে গঢ় দিয়াৰ সপোন অলৌকিক।
ভাষা সাহিত্যক অবহেলা কৰি এটা উন্নত জাতি গঢ়িব নোৱাৰি। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত উল্লেখ কৰে যে এখন দেশৰ অতীতৰ ঐতিহ্য আৰু সংস্কৃতিৰ আধাৰত নিৰ্মাণ হয় ভৱিষ্যত।
সভাত শিক্ষাবিদ কেশৱ বৰ্মন, গীতিকাৰ-সুৰকাৰ উমেশ দত্ত, প্ৰাক্তন ছাত্র নেতা নৰেশ্বৰ কলিতা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন আদিও উপস্থিত থাকে। সভাত ছাত্র ছাত্ৰীসকলেও গীত-মাত পৰিৱেশন কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।