প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নলবাৰীঃ অসমীয়া বৰ্ষৰ পবিত্ৰ কাতি মাহৰ অমাৱশ্যাৰ নিশা সমগ্ৰ ৰাজ্যতে হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে কালী পূজা উদযাপন কৰিব৷ উচ্চ-নীচ ভেদাভেদ পাহৰি সৰ্বস্তৰৰ লোকসকলে কালী পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ নলবাৰী জিলাৰ বৰমাৰ সমীপৰ বৰজাস্থিত কালীমন্দিৰ প্ৰাংগণতো ১৯-২২ অক্টোবৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে পঞ্চম বাৰ্ষিক কালী পূজা উদযাপনৰ ব্যপক প্ৰস্তুতি চলি থকা দেখা গৈছে।

কাৰ্যসূচী অনুসৰি ১৯ অক্টোবৰৰ পুৱা ৭ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰাৰ পিছতে ৭.১৫ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰা হ’ব। পুৱা ৭.৩০ বজাত লবোৰাম কাকতি আৰু কনকলতা কাকতি সোঁৱৰণি তোৰণ উদ্বোধন কৰাৰ পিছতে পুৱা ৮ বজাত সভাঘৰৰ দ্বাৰ উন্মোচন কৰা হ’ব। পুৱা ৮.৩০ বজাত আয়তীৰ পানীতোলা কাৰ্য সমাপন হোৱাৰ লগে লগে পুৱা ৯.৩০ বজাত ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হ’ব৷ আবেলি ২ বজাত প্ৰতিমা স্থাপন।

আবেলি ৩ বজাত বৰক্ষেত্ৰী বৰ্ণি কামৰূপীয়া বৰঢুলী দলৰ ভাওনা প্ৰদৰ্শন। আবেলি ৫ বজাত ১০০১ গছি বন্তি প্ৰজ্বলন। সন্ধিয়া ৬ বজাত আতচবাজী প্ৰদৰ্শন। সন্ধিয়া ৮.৩০ বজাত পূজা আৰম্ভ। নিশা ৯.৩০ বজাত বৰক্ষেত্ৰী বৰ্ণি কামৰূপীয়া বৰঢুলীয়া দলৰ ভাওনা প্ৰদৰ্শন। নিশা ১২ বজাত পুষ্পাঞ্জলি প্ৰদান প্ৰসাদ বিতৰণ কৰা হ’ব। ২০ অক্টোবৰৰ পুৱা ৭ বজাত চাফাই অভিযান। পুৱা ৯ বজাত ভাগৱত পাঠ। দুপৰীয়া ১২ বজাত স্মৰণিকা "মা কালী" উন্মোচন কৰা হ’ব।

দুপৰীয়া ১ বজাত ৰাজহুৱা ভোগ বিতৰণ। আবেলি ৩ বজাত বৰক্ষেত্ৰী বৰ্ণি কামৰূপীয়া বৰঢুলীয়া দলৰ ভাওনা প্ৰদৰ্শন। সন্ধিয়া ৫ বজাত আৰতি প্ৰতিযোগিতা। সন্ধিয়া ৮ বজাত বৰক্ষেত্ৰী বৰ্ণি কামৰূপীয়া বৰঢুলীয়া দলৰ ভাওনা প্ৰদৰ্শন। ২১ অক্টোবৰৰ পুৱা ৭ বজাত চাফাই অভিযান। পুৱা ১০ বজাত সূৰ্যকান্ত স্বৰ্গীয়াৰীৰ সোঁৱৰণত আয়তীৰ নাম প্ৰতিযোগিতা। দুপৰীয়া ১ বজাত ভোগ বিতৰণ। আবেলি ৩ বজাত বৰক্ষেত্ৰী বৰ্ণি কামৰূপীয়া বৰঢুলীয়া দলৰ ভাওনা প্ৰদৰ্শন।

সন্ধিয়া ৬ বজাত আয়তীৰ নাম পৰিবেশন। সন্ধিয়া ৮ বজাত বৰক্ষেত্ৰী বৰ্ণি কামৰূপীয়া বৰঢুলীয়া দলৰ ভাওনা প্ৰদৰ্শন। ২২ অক্টোবৰৰ পুৱা ৭ বজাত চাফাই অভিযান। পুৱা ১০ বজাত দেওবৰীয়া আদ্দা। পুৱা ১১ বজাত ভেশচন প্ৰতিযোগিত। দুপৰীয়া ১২ বজাত স্মৃতি পৰীক্ষা। আবেলি ২ বজাত চিত্ৰাঙ্কণ প্ৰতিযোগিতা। আবেলি ৪ বজাত একক নৃত্য প্ৰতিযোগিতা। সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া। উদ্বোধন কৰিব বড়োলেণ্ড আলোচনীৰ মূখ্য সম্পাদক ৰজনী বৰজৌৱাৰীয়ে। সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সহায়-সহযোগিতা কামনা কৰিছে আয়োজক সকলে।