♦ ওড়িষাত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহলৈ কংকনা আৰু দেইজিমনী

নলবাৰীঃ ওড়িষাৰ ভুৱনেশ্বৰত অহা ২৭ ডিচেম্বৰৰপৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত নলবাৰীৰ দুই শিশু বিজ্ঞানী কংকনা দাস আৰু দেইজিমনী দাসক আজি সম্বৰ্ধনা জনোৱা হয়।
নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এখনি সভাত দুয়োগৰাকী শিশু বিজ্ঞানীকে আৰ্থিক সাহায্য আগবঢ়াই নলবাৰী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে কেইবাজনো বিশিষ্ট লোকে।
নলবাৰী জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত নলবাৰী জিলা শিক্ষা বিষয়া সীমান্ত ডেকা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ জিলা সমন্নয়ক প্ৰদীপ মহন্তই। অনুষ্ঠানটিত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলাৰ সভাপতি ডঃ দিনমণি ভাগৱতীয়ে।
উল্লেখ যোগ্য যে কিছুদিন পূৰ্বে মাজুলীত হৈ যোৱা ৰাজ্যিক পৰ্যায়ৰ সমাৰোহৰপৰা ২৬ জনীয়া নিৰ্বাচিত শিশু বিজ্ঞানীৰ দলত নলবাৰীৰ এই দুই শিশু বিজ্ঞানীয়ে স্থান লাভ কৰিছিল। দেওবাৰৰপৰা গুৱাহাটীৰ আই আই ইত হ'বলগীয়া দুদিনীয়া প্ৰশিক্ষণৰ পাছতে ২৬ ডিচেম্বৰত বৰঝাৰ বিমান বন্দৰৰপৰা ২৬ জনীয়া দলটোৱে উৰিষ্যলৈ ৰাওনা হ'ব।
পিতৃহীন নলবাৰীৰ বঙালমুৰ গাঁৱৰ কংকনাৰ সাফল্যই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে যদিও সমষ্টিটোৰ বিধায়ক নাৰায়ণ ডেকাৰ এতিয়ালৈ দৰিদ্ৰ ছাত্ৰী গৰাকীৰ এটা খবৰ ল'বলৈ সময় হোৱা নাই। ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ বাবে সা- সজুঁলি তথা পোছাক কিনিবলৈও হাতত এটকাও নাই পৰিয়ালটোৰ।