11
Dec
2018
- নলবাৰীত আজি অবতৰত দেৱালী
- উৎফুল্লিত কংগ্ৰেছ কৰ্মী

নলবাৰীৰ ১১ ডিচেম্বৰঃ নলবাৰীত অবতৰত দেৱালী দেখিবলৈ পোৱা গৈছে ৷ ইফালে, উৎসাহ কংগ্ৰেছ কৰ্মীৰ মাজত ৷ সদ্যঘোষিত পাঁচ ৰাজ্যৰ নিৰ্বাচনত ছত্তিশগড়,ৰাজস্থান আৰু মধ্যপ্ৰদেশত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে যি সুন্দৰ ফলাফল দেখুৱালে তাৰ বাবে সমূহ কংগ্ৰেছ কৰ্মী গাত উৎসাহ দেখা গৈছে ৷ এয়া সততাৰ জয়, একতাৰ জয়, ৰাইজৰ জয় বুলি প্ৰকাশ কৰে নলবাৰী জিলাৰ কংগ্ৰছ নেতা প্ৰদ্যুত ভুঞাই ৷
তেওঁ পুনৰ কয় যে কাইলৈ ঘোষনা হব লগা পঞ্চায়তৰ ফলাফলত ৰাজ্যত কংগ্ৰছ দলেই ভাল ফল লাভ কৰিব বুলি তেওঁ অাশাবাদী ৷ উৎফুল্লিত কংগ্ৰেছ শিবিৰ। পাঁচ ৰাজ্যৰ ফলাফলে উৎসাহিত কৰিছে কংগ্ৰেছক। মঙ্গলবাৰে নিশা নলবাৰী জিলা কংগ্ৰেছ কাৰ্যালয়ত ফটকা ফূটাই আনন্দ উল্লাস কৰিলে কংগ্ৰছ নেতা কৰ্মীৰ লগতে শ শ কংগ্ৰেছ কৰ্মীৰ সমাগম দেখিবলৈ পোৱা যায় ।