নলবাৰীঃ কংগ্ৰেছৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে বুধবাৰে বিশাল প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডীৰ হায় হায়, কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰ হায় হায়, বিমুদ্ৰাকৰণে দেশৰ জনসাধাৰণক মাধমাৰ সোধালে, পুঁজিপতিৰ পুতলা বিজেপি চৰকাৰ মুৰ্দাবাদ, জনবিৰোধী বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে চহৰ খন উত্তাল কৰি তোলে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, মুখপাত্ৰ দিব্যজ্যোতি হালৈ, কংগ্ৰেছ নেতা বসন্ত দাস, জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী পাপৰি মালাকৰ, যুৱ-কংগ্ৰেছৰ সভাপতি মজিবুৰ ৰহমান, আদিৰ নেতৃত্বত প্ৰতিবাদী সমদল উলিওৱা হয়। কাৰ্যসূচীত যুৱ নেতা মজিব আলী, উদ্দীপন পাটোৱাৰী, বিৰাজ দাস সহ কেইবাশতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা-আজৰা লাগে।

পিছত আৰক্ষী লাঠি চালনা কৰাত মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, মুখপাত্ৰ দিব্যজ্যোতি হালৈ সহ কেইবাজনৰো জখম হয়। এনে কাৰ্যক প্ৰতিবাদকাৰী সকলে এয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আৰক্ষী বাহিনীয়ে গনতন্ত্ৰক হত্যা কৰা বুলি প্ৰকাশ কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে নৰেন্দ্ৰ মোডীয়ে ধনীক শ্ৰেণীৰ স্বাৰ্থত কাম কৰি আছে বুলি কয়। বৰ্তমানে বিমুদ্ৰাকৰণৰ ফলত দেশৰ সাধাৰণ জনতাই হাবু ডুবু খাব লগা হৈছে। কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বিমুদ্ৰাকৰণৰ ফলত ৰাইজৰ যি ক্ষতি হ’ল তাক সকাহ দিব পৰা নাই।

বিজেপিয়ে এতিয়া একো একো খন আঁচনি ঘোষনা কৰি ৰাইজক আভুৱাঁ ভাৰিব ধৰিছে পঞ্চায়ত তথা লোকসভা নিৰ্বাচন অহা দেখি। ইতিমধ্যে দেশৰ ৰাইজে বিজেপিৰ চৰিত্ৰ বুজি  উঠিছে। বিমুদ্ৰাকৰণৰ ফলত দেশত অত্যাধিক মূল্য বৃদ্ধি হৈছে। প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। এনেদৰে ৰাইজক বিজেপি পৰিবৰ্তনৰ চমক দিছে বুলিও দোহাৰে কংগ্ৰেছ নেতা দিগন্ত বৰ্মনে।