উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাও ম্লান পেলাব পৰা নাই নলবাৰীৰ আতচবাজী শিল্পীৰ উৎসাহক

নলবাৰীৰ থলুৱা আতচবাজী উদ্যোগত নিৰ্মান হৈছে মোডী কলগছ আৰু ফুলজাৰি​

নলবাৰীঃ  পোহৰৰ উৎসৱ দীপাৱলী লৈ কেইদিনমান বাকী থকাৰ সময়তে সমগ্ৰ নলবাৰী জিলাৰ লগতে বাহঁজানীতো বৃদ্ধি পাইছে মোডী কলগছ নামৰ ফুলজাৰি বিধৰ চাহিদা। যিটো সময়ত চীনা আতচবাজীৰে বিৰুদ্ধে চৌদিশে প্ৰতিবাদ হৈ আছে। তেনে সময়তে নলবাৰীৰ নিজবাহঁজানী গাওঁৰ সাতমপুৰুষীয়া আতচবাজী কাৰখানা ‘মা আইকণ ভাণ্ডাৰ’ৰ প্ৰচেষ্টা আদৰণীয় বুলি বিবেচিত হৈছে। এই কাৰখানাত তৈয়াৰ কৰা হৈছে মোডী ফুলজাৰি। উল্লেখ্য যে, ১৯৪১ চনতে স্থাপন কৰা উক্ত কাৰখানাটো প্ৰয়াত বাখৰু শিল্পী জগৰু তালুকদাৰ, প্ৰয়াত প্ৰসন্ন তালুকদাৰ আৰু পিছত তেওঁলোকৰ বংশধৰ অখিল তালুকদাৰে চলাই আছে বৰ্তমান। 

সম্প্ৰতি মোডী কলগছ আৰু ফুলজাৰিয়ে ৰাজ্যৰ বজাৰ দখল কৰাৰ লগতে জনপ্ৰিয়ও হৈ পৰিছে। উক্ত কাৰখানাতেই প্ৰখ্যাত বাখৰু শিল্পী অখিল তালুকদাৰৰ নেতৃত্বত পৰেশ তালুকদাৰ, লৱ তালুকদাৰ, মহেশ তালুকদাৰ, পুলক তালুকদাৰ, মঙলা তালুকদাৰ, নিতুল তালুকদাৰ, প্ৰণৱ তালুকদাৰ, বিদ্যুত তালুকদাৰ, নয়ন মেধি, গজেন তালুকদাৰ আদি কেইবাজনো শিল্পীয়ে বিভিন্ন আতচবাজী তৈয়াৰ কৰি উলিয়াইছে।কলগছ বোমা, আচমান গোলালা, নেমপেলত ফটকা, গছ বোমা, বেটাৰী বোমা, পেন্সিল বোমা, ফেনাছ চেৰেকি, মটৰ গছকে ধৰি বিভিন্ন প্ৰকাৰৰ আতচবাজী। 

আনহাতে নিজবাহঁজানী গাঁৱৰে ‘ত্ৰিনয়ন ভাণ্ডাৰ’টো আতচবাজী তৈয়াৰ কৰা হৈছে ৷  ইফালে, দীপাৱলীৰ সময়ত ফটকা ফুটাওঁতে সাৱধান নহ’লে আইনী বিপদত পৰিব পাৰে উৎসৱৰ আনন্দত মতলীয়াসকল। যদিও ৰাজ্য চৰকাৰে এই পৰ্য্যন্ত একো স্থিতি প্ৰকাশ কৰা নাই কিন্তু ২৩ অক্টোবৰত এটা গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে দীপাৱলীত কেৱল ৰাতি ৮ বজাৰ পৰা ১০ বজালৈকেহে ফটকা ফুটাব পাৰিব।

একাংশ লোকে দীপাৱলীত অবিবেচনাৰে অতি মাত্ৰা ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ আৰু শব্দৰ প্ৰদূষণ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে এই ধৰণৰ কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰে। এই সন্দৰ্ভত এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এ কে ছিক্ৰি আৰু অশোক ভূষণৰ দুজনীয়া পীঠে কয় যে দীপাৱলীৰ দৰে উৎসৱসমূহত কেৱল দুঘণ্টাহে আতচবাজি ফুটাব পাৰিব। ৰায়টোত দীপাৱলীত আতচবাজি ফুটোৱাৰ সময় ৰাতি ৮ বজাৰ পৰা ১০ বজালৈ ধৰি কয় যে কোনো অঞ্চলত এই নিয়ম উলংঘা হ’লে তাৰ বাবে দায়ী হ’ব সংশ্লিষ্ট অঞ্চলটো যি আৰক্ষী থানাৰ অধীনত পৰে তাৰ ভাৰপ্ৰাপ্ত বিষয়াজন।

আনহাতে ফটকাৰ অনলাইন বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰে ন্যায়ালয়ৰ বিচাৰপীঠখনে। ফলত অনলাইন বিক্ৰীৰ বাবে অনুমতি দিবলৈ আৱেদন কৰা ৱেবছাইটবোৰৰ কৰ্তৃপক্ষসমূহ হতাশ হয়। অৱশ্যে আৱেদনত দাবী কৰা মতে, ফটকা ফুটোৱা আৰু উৎপাদন সম্পূৰ্ণ নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰে বিচাৰপীঠখনে। গ্ৰীন ক্ৰেকাৰ্ছ, অৰ্থাৎ কম প্ৰদূষণকাৰী ফটকা উৎপাদনত কোনো বাধা আৰোপ কৰাৰ পৰা বিৰত থাকিল ন্যায়ালয়। ফলত দেশৰ বৃহৎ ফটকা উদ্যোগবোৰৰ লগতে অসমৰ বৰপেটাৰ ফটকা উদ্যোগেও সকাহ পালে। উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰত গোটেই দেশজুৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ’ব ৷

নলবাৰীৰ পৰা হেমন্ত কলিতা