
নলবাৰীঃ নলবাৰীত শাসনাধিষ্ঠ বিজেপিৰ এক বিশাল নিৰ্বাচনী কেন্দ্ৰীক জনসভাৰ আয়োজন কৰে৷ এই সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, জালান পৰিষদৰ প্ৰাৰ্থীদ্বয় নিতুল ডেকা আৰু বিৰাজ মেধী আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ধূলিৰ শইকীয়াৰ লগতে বহুকেইজন প্ৰভাৱশালী নেতা৷ বাঁহজানী জিলা পৰিষদ আৰু খাটা বহাহগিলা জিলা পৰিষদৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ আজি নলবাৰী কলেজ খেল পথাৰত আয়োজন কৰা এই বিশাল নিৰ্বাচনী সমাৱেশত বিজেপিৰ দলৰ নলবাৰী পূৱ নলবাৰী মণ্ডল জেষ্ঠ্য নেতা-কৰ্মী সকলৰ লগতে সাংসদ ৰমেন ডেকাই ভাষন প্ৰসংগত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক প্ৰতিহত কৰি বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ লগতে আগন্তুক নিৰ্বাচনত বিজেপিৰ হৈ বিভিন্ন পদত প্ৰাৰ্থীত্ব প্ৰদান কৰা মনোনীত প্ৰাৰ্থী সকলকো এই ক্ষেত্ৰত ৰাইজৰ গুৰুত্বপুৰ্ণ স্বাৰ্থক জলাঞ্জলি নিদি সকলো সময়তে ৰাইজৰ কাষক ঠিয় হৈ থাকি ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে৷
ইফালে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে অসমৰ ৰাইজৰ গুৰুত্বপুৰ্ন স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই বিজেপিয়ে নকৰে৷ বিজেপি দল কেৱল ৰাইজৰ পক্ষত৷ মুখ্যমন্ত্ৰী সোনোৱালে ভাষণ প্ৰসঙ্গত ‘‘বৃহত্তৰ অসমৰ জনগনে মোক চৰকাৰ চলোৱাৰ দায়িত্ব দিছে। ৰাজ্যখনৰ জাতি, মাটি, ভেটি, ভাষা, সাহিত্য, বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত মই দায়বদ্ধ৷ বৃহত্তৰ অসমীয়া সমাজ তথা অসমৰ প্ৰত্যেকটো ভাষা-সম্প্ৰদায়ৰ লোক আমাৰ নেতৃত্বত সুৰক্ষিত৷ তাক লৈ অসমৰ জনগনে কেতিয়াও উদিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায়৷
আকৌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষন প্ৰসংগত দুখীয়া ৰাইজৰ প্ৰসংগত কয় যে দুখিয়া জনগনৰ কল্যান অবিহনে দেশৰ সৰ্বাঙ্গীন উন্নয়ন অসম্ভৱ৷ বিগত সময়ত কংগ্ৰেছ চৰকাৰে অসমৰ বিভিন্ন দুখীয়া ৰাইজৰ একপ্ৰকাৰ চৰম প্ৰতাৰণা কৰি বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰি আহিল কিন্তু যেতিয়াই কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আহিল তেতিয়াই চৰকাৰখনে বিজ্ঞানসন্মত মানসিকতাৰে দুখীয়া ৰাইজৰ উদ্বুদ্ধ কৰি ৰাজ্যখনৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে৷ উল্লেখযোগ্য যে, আজিৰ সভাতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নলবাৰী বাসীৰ বহু সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷
‘দুখীয়া ৰাইজৰ স্বাৰ্থত বিজেপিয়ে কাম কৰি আহিছে৷ সততা নিষ্ঠাৰে বিজেপিয়ে চৰকাৰ চলাই আহিছে৷ আমাৰ মন পৰিস্কাৰ, সেয়ে স্বচ্চতাৰে আমি কাৰ্য পৰিচালনা কৰিছো৷ আগন্তুক দিনত আমি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিম৷ আমি দৃঢ়তাৰে উন্নয়ণৰ দিশত জাতিটোক আগুৱাই লৈ যাম৷ অসাধু মন লৈ আমি ৰাজনীতিৰ পথাৰলৈ অহা নাই৷ যি কৰিম সততা নিষ্ঠাৰে কৰিম আৰু সমাজখনক পিতৃ-মাতৃ জ্ঞান কৰি কৰিম৷’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷
মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ নাতি দীৰ্ঘ ভাষণত কংগ্ৰেছ দলক সমালোচনা কৰি শেষত দেশৰ এটা প্ৰজন্মক দিশহাৰা কৰিলে কংগ্ৰেছে, কৰ্মসংস্কৃতিক নাশ কৰি সহজে ধন ঘটাৰ বহু অপসংস্কৃতিৰ পোহাৰ মেলিলে কংগ্ৰেছে৷ পঞ্চায়তত ক্ষমতাত অহাৰ পিছত বিজেপিৰ কোনো কৰ্মী যদি দুৰ্নীতিৰ আশ্ৰয় লৈ তাৰ প্ৰমান পালে জেইলত পঠাব৷ কিন্তু অসমৰ ৰাইজে এতিয়া প্ৰতাৰণা প্ৰৱঞ্চনা সহ্য নকৰে৷ আজিৰ সভাই এককথাত আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব পৰাটো কংগ্ৰেছৰ বাবে যে এক বৃহৎ প্ৰত্যাহবান ৰূপে পৰিগনিত হব তাকে প্ৰতীয়মান কৰিলে বুলি সভাৰ শেষত নিজৰ মনৰ ভাৱ্য ব্যক্ত কৰি ৰাইজৰ আগত আগবঢ়ায়৷