
নলবাৰীঃ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱা ৰাহুল গান্ধীক নলবাৰী জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ সমিতিয়ে শুভেচ্ছা যাচে৷ নলবাৰী ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহৎ মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ন কৰি নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক অভিনন্দন জ্ঞাপন কৰে।
অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, উপ সভাপতি শৰত কলিতা মুখপাত্ৰ দিব্যজ্যোতি হালৈ, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী পাপৰি মালাকৰ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰিতুল আহমেদ, যুৱ নেতা উদ্দীপন পাটোৱাৰী, বিৰাজ দাস, অনিমেশ শৰ্মা, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, সহ বহু সংখ্যক নেতা-নেত্ৰী, কৰ্মী উপস্থিত থাকে।
অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে ৰাহুল গান্ধীৰ নেতৃত্বত দেশত কংগ্ৰেছ দল এক নতুন ৰূপত আগবাঢ়ি যাব আৰু আগন্তুক লোকসভা নিৰ্বাচনত দেশত কংগ্ৰেছ দলক শাসনত আনিবলৈ সক্ষম হ’ব বুলি দোহাৰে। তদুপৰি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে ভাৰতবৰ্ষত বিজেপিয়ে সাধাৰণ জনতাক মাধমাৰ সোধাইছে বুলি কৈ কংগ্ৰেছ দলৰ বলিষ্ঠ নেতা তথা নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীয়ে দেশত শাসন কৰি ৰাইজক সকাহ দিব বুলি কয়। সেয়েহে দেশ তথা ৰাজ্যৰ জনতাই ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিব লাগিব বুলি দোহাৰে।