
newsnextone.com | নলবাৰীঃ মঙলবাৰে নলবাৰী জিলাৰ চামতাত ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ উদ্যোগত এখন মহিলা সমাবেশ অনুষ্ঠিত হয়৷ জিলা প্ৰশাসন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ অনুষ্ঠিত সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতীত স্মৰণ কৰি সমাৰোহত অংশ গ্ৰহণ কৰা মহিলাক প্ৰত্যক্ষ কৰি আইলৈ মনত পৰা বুলি কয়৷
মুখ্যমন্ত্ৰীয়ে কয় ‘‘আপোনালোকৰ হাতত সেই শক্তি আছে৷ বিশ্বৰ বুকুত অসমীয়া জাতিক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লগা হলে মহিলাসকলে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব৷ আপোনালোকক ইশ্বৰে সেই মহান শক্তি প্ৰদান কৰিছে৷ আপোনালোকক প্ৰত্যক্ষ কৰি মোৰ আইলৈ মনত পৰিছে৷ যিগৰাকী আয়ে কেতিয়াও শিক্ষা গ্ৰহণ কৰা নাছিল৷ আজু ককাৰ পৰা পোৱা আধ্যাত্মিক শিক্ষাৰে নীতি শিক্ষাৰে আমাক লৰালি কালতে শিক্ষিত কৰিছিল৷’’ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক অসমৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ কৈ চৰকাৰে সকলো সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷
বৰপেটা, বঙাইগাঁও, পাঠশালা, টিহু, চেঙা, সৰ্থেবাৰী আদিৰ পৰা প্ৰশাসনে প্ৰেৰণ কৰা গাড়ীত উঠি অহা মহিলাসকলে আলাই-আথানি হোৱাৰ অভিযোগ উত্থাপন হয়৷ হেজাৰ হেজাৰ মহিলাই পিয়াহৰ পানী খাবলৈ নাপায় দিনৰ দিনটো লঘোনে থাকি ঘৰলৈ উভতি যাব লগা হোৱাৰ অভিযোগ উত্থাপন হয়৷
এক বিশৃংখল পৰিবেশত অনুষ্ঠিত হোৱা সমাৰোহত খোৱা পানীৰ ব্যৱস্থা নথকাৰ লগতে, খাদ্যৰ ব্যৱস্থা নকৰাত বহু মহিলাই কোলাত কেচুৱা লৈ ঘৰলৈ উভতি যায়৷ মহিলা আত্মসহায়ক গোটক চেক দিয়াৰ প্ৰলোভন দি নলবাৰী, বাক্সা, বৰপেটা, সৰ্থেবাৰী, বজালী, পাঠশালা, পাটাছাৰকুছি, চেঙা, বাঘবৰ, বঙাইগাঁও আদিৰ পৰা বাছ-টেম্প যোগে সমাৰোহলৈ মহিলা আনি কেৱল চমক সৃষ্টি কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছে৷
ক্ষোভত ফাটি পৰা একাংশ মহিলাই উদ্যোক্তাসকলক গালি দিয়াও পৰিলক্ষিত হয়৷ ইফালে পুৱা ১০ বজাত অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ ২০-৫০ কিঃমিঃ নিলগৰ পৰা অহা বাবে মহিলাসকলক পুৱাৰে পৰা ৰখাই থৈ দিনৰ ১ বজাত সমাৰোহত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক উপস্থিত হৈ শীততাপ নিয়ন্ত্ৰিত মঞ্চত ভাষণ ৰাখে। আনহাতে সাংবাদিকসকলক বহিবলৈ ঠাই নিদিয়াত কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে ক্ষোভ ব্যক্ত কৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা সমাৰোহত উপস্থিত থাকে৷