
নলবাৰীঃ নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ১৭ নং আল্লিয়া পঞ্চায়তত এম এছ ডি পি অাঁচনিৰ অধীনত ৭খনকৈ বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।
বৃহস্পতিবাৰে আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে নমাটি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনৰো আহাৰ গ্ৰহণ কৰে বিধায়কগৰাকীয়ে। উল্লেখ্য যে এই বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ।
আহাৰ গ্ৰহণৰ পিছত বিধায়ক শৰ্মাই অঞ্চলটোৰ ৰাইজৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়।বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো দিশতে উন্নয়ন বিচাৰে বুলি মন্তব্য কৰে৷
ৰাইজে সহযোগ কৰিলে অনাগত দিনত বহু উন্নয়ন হ'ব বুলিও আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে। বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণৰ ফলত বহু ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি তেওঁ মত পোষণ কৰে৷ উক্ত অনুষ্ঠানত বিধায়কগৰাকীক সংগ দিয়ে স্থানীয় বিজেপি নেতা জয়ৰাম বৰ্মন, ৰুবুল দত্ত আৰু তফিকুল চৌধুৰীয়ে।