
বৰনদ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ সাংস্কৃতিক তথা স্বেচ্চাসেৱী অনুষ্ঠান প্ৰজন্মৰ উদ্যোগত অহা ১৭ আৰু ১৮ নবেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্যিক সদৌ অসম নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে পুলককুমাৰ শৰ্মাক সভাপতি, সতীশ দাসক কাৰ্যকৰী সভাপতি, হৰেকৃষ্ণ মহন্ত, মৃদুল শৰ্মা, পংকজ তালুকদাৰ আৰু মনোজ ডেকাক উপসভাপতি ৰূপে নিৰ্বাচন কৰি উদযাপন সমিতি গঠন কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰজন্মৰ পতাকা উত্তোলন কৰিব সভাপতি ৰাজীৱ শৰ্মাই। তাৰ পিছত ক্ৰমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বৃক্ষৰোপন, প্ৰেক্ষাগৃহ উন্মোচনৰ অনুষ্ঠানৰ আৰম্ভণিৰ পিছত ক্ৰমে,
সন্ধিয়া ৫ বজাত ভ্ৰাম্যমান থিয়েটাৰৰ মহীৰূহ সকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান অনুষ্ঠান।
৫.৩০ বজাত নটৰাজৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি প্ৰদান।
৬ বজাত মঞ্চ উদ্ধোধন কৰিব ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমীৰ অধ্যাপক লাচিত ডেকাই।
৬.৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে।
৭.০০ বজাত প্ৰজন্ম উদ্দীপনা বটাঁ প্ৰদান অনুষ্ঠান।
৭.১৫ বজাত নাট প্ৰতিযোগিতা উদ্ধোধন কৰিব বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই।
নলবাৰী নেহৰু যুৱ কেন্দ্ৰৰ গাননিক বিষয়া গোপীনাথ দাসৰ দ্বাৰা সন্ধিয়া ৫.৩০ বজাত নাট প্ৰতিযোগিতা উদ্ধোধনেৰে আৰম্ভ হ’ব দ্বিতীয় দিনাৰ কাৰ্যসূচী৷ ৫.৪৫ বজাত ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মাই প্ৰজন্ম বটাঁ প্ৰদান কৰিব বিশিষ্ট শিল্পী ধনদা পাঠকক। আনহাতে মুখ্য অতিথিৰ ৰূপত আহিব পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ লগতে নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গনেশ তামূলীয়ে সন্ধিয়া নাট উদ্ধোধন কৰিব।
বাতৰি যুগুতোৱালৈকে নাট প্ৰতিযোগিতাৰ নাট্যদল আৰু নাট সমূহ হ’ল ক্ৰমে- নাট্যচৰ্চা নলবাৰীৰ আবেলিৰ ভয়, ঈগল গুৱাহাটীৰ অন্তিম যুঁজ, ফুকন টোল নগাঁওৰ স্বৰ্গত ৰেপ কেচ, সমন্বয় ক্ষেত্ৰ পানীগাওৰ নষ্ট-ভ্ৰষ্ট প্ৰেত সভা, উকাড্ৰামা ওৱাৰ্কচ, শিৱসাগৰৰ ডব্লিউ ডব্লিউ ডট ইন ডট কম, যুৱজ্যোতি সংঘ গুৱাহাটীৰ ত্ৰিশ মিনিট, প্ৰজ্ঞাশিখা নাট্যদল নলবাৰী নতুন জীৱন, মিৰদান সাংস্কৃতিক গোষ্ঠী নগাঁওৰ অথঃ অজামিল কথা, দীনবন্ধু নাট্যগোষ্ঠী নলবাৰীৰ নোপোৱা কৰিলেও পাত, এন্টগনি নাট্যগোষ্ঠী ওডালগুৰিৰ হৈছো যেনাই হ’বি তেনাই, জেংৰাই অসম মংগলদৈৰ চিকেন পাৰ্লাৰ, ডোনাক মাইম এন্ড ড্ৰামা একাডেমী মংগলদৈৰ অন্য এক শকুন্তলা, নটতীৰ্থ গুৱাহাটীৰ দৃষ্টি প্ৰচেনিয়াম, নগাওয়ে দুনীয়া আজব মেহফিল, হেঁপাহ নাট্যগোষ্ঠী, বালিকৰিয়াৰ বাপু সন্ধানী নাট্যদল, গুৱাহাটীৰ ক’লা আকাশ গোষ্ঠী, বঙাইগাঁওৰ মা, কুশিলৱ সাংস্কৃতিক গোষ্ঠী ডেৰগাঁওৰ কোকলঙা৷
দিগন্ত বৰ্মন,নলবাৰী