নলবাৰীঃ যুৱপ্ৰজন্মৰ একাংশই শেহতীয়াভাৱে আলফাৰ প্ৰতি ধাৱমান হোৱাৰ সময়ত নলবাৰী জিলাৰ নাৰপাৰাত সংঘটিত হৈছে  ৰহস্যজনক ছাত্র সন্ধানহীনৰ ঘটনা। সম্পূৰ্ণ ৩৬ ঘন্টা উকলি যোৱাৰ পাছতো পৰিয়াল অথবা আৰক্ষীয়ে উলিয়াব পৰা নাই নিৰুদিষ্ট 
এজন ছাত্ৰৰ সন্ধান।

উল্লেখযোগ্য যে, জিলাখনৰ নাৰপাৰা বড়িদতৰাৰ চন্দ্ৰ দাস আৰু অনিতা দাসৰ একমাত্র পুত্ৰ কুলজিত আছিল শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্র। মঙলবাৰে ওচৰৰ গাঁওৰে মাহীয়েকৰ ঘৰলৈ গৈছিল কুলজিত। পৰিয়ালৰ ভাষ্যমতে মাহীয়েকৰ ঘৰত নিশাটো কটাই বুধবাৰে ৰাতিপুৱা ঘৰমুৱা হৈছিল কুলজিত। কিন্তু বৰ্তমানেও নাৰপাৰা ঘৰত উপস্থিত হোৱা নাই ছাত্রজন। পৰিয়ালে ছাত্ৰজনক বিচাৰি নাপাই অৱশেষত কমাৰকুছি আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ। 

অৱশ্যে এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সন্ধান উলিয়াব পৰা নাই ছাত্ৰজনৰ। আনহাতে, কিছুদিন পূৰ্বে নিৰুদ্দিষ্ট কুলজিতক দুগৰাকী সন্দেহজনক যুৱকৰ সৈতে প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। এই বিষয়ক লৈ এতিয়া ছাত্ৰজনক কোনো লোকে অপহৰণ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে । যদি কোনে লোকে কিবা সম্ভেদ পায় তেনেহলে ৮৭৬১৮৩০৮৯৩ আৰু ৮৪৮৬৪৯৮৮৩৮ নম্বৰ মোবাইলত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহবান জনাইছে৷