নলবাৰীঃ জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নলবাৰী জিলা কৰ্তৃপক্ষৰ উদ্যোগত বৃহস্পতিবাৰে নলবাৰীত এখন সজাগতা সভা অনুষ্ঠিত হয়৷

নলবাৰীৰ সম্প্ৰসাৰণ বিষয়া অমৰজৌতি দাসৰ পৰিচালনা অনুষ্ঠিত সজাগতা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমন্বয়ক ছুইটি তালুকদাৰ, নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, নাৱাৰ্ডৰ জিলা প্ৰৱন্ধক দেৱজৌতি বিশ্বাস, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, বিষয়া ডম্বৰুধৰ পাটোৱাৰী, জিলা পশু চিকিৎসা পালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ সুৰেণ শৰ্মা, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ডঃ মৃদুল ডেকা উপস্থিত থাকে৷

জিলা মিন উন্নয়ন বিষয়া প্ৰতুল বেজবৰুৱা, পূৱ নলবাৰী উন্নয়ন খণ্ডৰ বিষয়া ৰাজীৱ কুমাৰ গগৈ, জিলা প্ৰগ্ৰেম বিষয়া আবেদুৰ ৰহমান, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা উস্থিত থাকে। যুৱ নেতা কিশোৰ কলিতা আৰু শুভজিত মল্ল বুজৰবৰুৱাই আতঁধৰা সভাত জিলা বিজেপিৰ উপ-সভাপতি অপূৰ্ব শৰ্মা, বিজেপি নেতা জয়ৰাম বৰ্মন সহ দুই শতাধিক লোক উপস্থিত থাকে।

বিধায়ক শৰ্মাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নিৱনুৱা সমস্যা সমাধানৰ বাবে বিভিন্ন আঁচনি লৈছে আৰু সেই আঁচনি সমূহৰ সুযোগ লবলৈ আহ্বান জনায় যুৱ প্ৰজন্মক৷