নলবাৰীঃ বাওঁপন্থীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গেৰুৱা বাহিনী৷ বুধবাৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বিজেপিয়ে কৰিলে প্ৰতিবাদ৷ কেৰেলাত বিজেপি কৰ্মীৰ ওপৰত বাওঁপন্থীয়ে নিৰ্যাতন তথা হত্যালীলা চলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ নলবাৰী জিলাতো বিজেপিৰ ৮টা মণ্ডলে ৮ স্থানত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পূৱ নলবাৰী মণ্ডল বিজেপিয়ে নলবাৰী মহাবিদ্যালয় খেল পথাৰত  ধৰ্মঘট কাৰ্যসূচী ৰবপায়ণ কৰে।

মণ্ডল সমিতিৰ সভাপতি জয়ৰাম বৰ্মন, সাধাৰণ সম্পাদকদ্বয় ভূপেন ডেকা, খগেন ডেকা, সম্পাদকদ্বয়  অঞ্জন বৰ্মন, শুভজিত মল্ল বুজৰবৰুৱাই নেতৃত্ব দিয়া কাৰ্যসূচীত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, আৰতী বৈশ্য, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, সাধাৰণ সম্পাদক নিতুল ডেকা, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, অবিচি মৰ্চাৰ সভাপতি ধনমণি দাস, মজদুৰ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা ৰাজ্যিক বিজেপিৰ সদস্য প্ৰতুল কলিতা, জেষ্ঠ নেতা যজ্ঞেশ্বৰ বুজৰবৰুৱা, ৰজনী বৰ্মন আদিকে ধৰি বহুত সংখ্যক নেতা-নেত্ৰী সহ পাচঁ শতাধিক দলীয় কৰ্মী উপস্থিত থাকে।

প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক অশোক কুমাৰ শৰ্মাই কয় বাওঁপন্থী সকলে কেৰেলাতে নহয় সমগ্ৰ দেশতে হতাশাত ভুগিছে। গতিকে বাওঁপন্থীযে এতিয়া গোপনে কংগ্ৰেছৰ লগ হৈ নিজৰ অস্তিত্ব জাহিৰ কৰিব লগা হৈছে। এনে হতাশাৰ ফলত আৰু আগন্তুক বিধানসভা নিৰ্বাচনত কেৰেলাত বাওঁপন্থী নিঃচিহ্ন হোৱাতো একপ্ৰকাৰ খাতাং হৈ পৰিছে। কেৰেলাত বিজেপি চৰকাৰ হোৱাৰ আগজাননী লাভ কৰিছে। যাৰ ফলত বিজেপি কৰ্মীৰ ওপৰত নিৰ্যাতনতে শান্ত নাথাকি হত্যাৰ কৰাৰ দৰে কামটো লিপ্ত হৈছে বুলি অভিযোগ ুত্থাপন কৰে বিধায়ক শৰ্মাই।

কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষন আগবঢ়ায় দিশহাৰা ৰাজনৈতিক দলৰ বাওঁপন্থী সকলে সমাজৰ একো কৰিব নোৱাৰে বুলি কয়। মাথো আনক সমালোচনাহে কৰি থাকে। বৰ্তমান কেৰেলাৰ ৰাইজে ওলাই আহিছে ৰাজ্য খনত বাঁওপন্থী মুক্ত কৰি বিজেপি চৰকাৰ কৰাৰ বাবে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নয়ন বিকাশত সন্তুষ্ট হৈ বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাই কেৰেলাত এতিয়া বাওঁপন্থী সকলে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰা বুলি অভিযোগ কৰে।

নলবাৰী টাউন মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু জোন বৰ্মনৰ নেতৃত্বত টাউন মণ্ডল কাৰ্যালয়ত, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদকদ্বয় ডিচেম্বৰ বেজবৰুৱা, চন্দন ডেকাৰ নেতৃত্বত ঘগ্ৰাপাৰত, বৰভাগ মণ্ডল বিজেপিৰ নেতা লক্ষ্মী কলিতা,কিংকৰ কলিতা, কাঞ্চন লহকৰৰ, বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত কেৰেলাত বাওঁপন্থীযে বিজেপি কৰ্মীক  আক্ৰমণৰ প্ৰতিবাদ কৰে । তদুপৰি পশ্চিম নলবাৰী মণ্ডল, মধুপুৰ  মণ্ডল, টিহু মণ্ডল, বৰক্ষেত্ৰী মণ্ডল বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷