
newsnextone.com। নলবাৰীঃ শাৰদীয় দূৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। ডেকা-বুঢ়া সকলোৰে যেন এতিয়া গাত তত নোহোৱা হৈছে নতুন কাপোৰ এযোৰ লোৱাৰ বাবে। পূজাৰ প্ৰাকক্ষণত বজাৰত উভৈনদী হৈ পৰিছে পূজাৰ সা-সামগ্ৰী।
আপোনজনক নকৈ এযোৰ উপহাৰ দিবৰ বাবে সকলোৱে বজাৰত ভিৰ কৰিছে । নলবাৰীত ম'ল সমূহত বহুত দাম বৃদ্ধি হোৱা বুলি আক্ষেপেৰে জানাই গ্ৰাহক সকলে ৷ উচ্চ গানত পূজাৰ বজাৰত ছোৱালীৰ ফ্ৰক ৪০০০-৭০০০ টকাকৈ বিক্ৰী হোৱাৰ বিপৰীতে লেহেঙ্গা বিক্ৰী হৈছে ৩৫০০ - ৬৮০০০ টকা পৰ্যন্ত কিন্তু এনেধৰণৰ কাপোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানত বহুত কম দামত পোৱা যায় বুলি কয় গ্ৰাহকসকলে।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে প্ৰাক পূজা মেলা। ৰাজ্যৰ আন ঠাইসমুহৰ লগতে নলবাৰী বজাৰকে ধৰি আন বহু ঠাইত গঢ় উঠিছে অস্থায়ী বিপনী তাত বহুত সস্তা বুলি জনা গৈছে। সমান্তৰালভাৱে অসমীয়া খাদ্য-সম্ভাৰ অসমীয়া গহণা আদিয়েও শুৱনী কৰিছে পুজাৰ বজাৰ। উল্লেখ্য যে পূজা উপলক্ষে জন-সমুদ্ৰত পৰিণত হৈছে নলবাৰীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বজাৰ আৰু সৰু দোকানসমূহ।
লগতে বিৰ দি বাট নোপোৱা হৈছে নলবাৰী বজাৰতো । ম'ল সমুহত বৃদ্ধি কৰা চৰা দাম আৰু বেয়া কোৱালিটিৰ বাবে গ্ৰাহক সকলে এতিয়া পিঠি দিছে বুলি গ্ৰাহকৰ পৰা জানিব পৰা গৈছে ৷ ম'ল আৰু বহিৰাগত লুন্ঠনকাৰীক প্ৰত্যাহবান জনাই অসমীয়া গ্ৰাহকে থলুৱা ক্ষুদ্ৰ দোকানত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
এতিয়া গ্ৰাহকক সমুহক যে ঠগাই কোনো কোৱালিটি নোহোৱা কাপোৰ সমুহে বেচি দামত বিক্ৰী কৰি আহিছে বুলি এতিয়া বুজি পোৱা বুলি বিভিন্নজন গ্ৰাহকে জানিবলৈ দিয়ে ৷ লগতে কয় যে, আমি যদি থলুৱাক গুৰুত্ব নিদিও তেনেহলে পূজা বা বিহুত বা অন্য অনুষ্ঠান সমুহত দি অহা দান বৰঙণি ক’ত পাম৷ আমাৰ লগত সদায় সকলো ক্ষেত্ৰতেই জড়িত হৈ আহিছে ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷
আজি যদি এনেকুৱা কথাত আমি সজাগ নহৈ বাহিৰাগত সকলে আমাক লুটি পুটি খায় থাকিব ৷ এদিন থলুৱা বেপাৰী সকলে ভিক্ষাৰ খুজিব লগাৰ নিচিনা হৈ যাব ৷ গতিকে সকলোৱে মাৰ বান্ধি থিয় দি আমি সকলোৱে মুখে মুখে কৈ নাথাকি লুণ্ঠনকাৰী সকলৰ পৰা আঁতৰি আহি সকলোৱে থলুৱা দোকানত বস্তু কিনিবলৈ সকলোকে আহ্বান জনাব লাগে বুলি সচেতন গ্ৰাহক কেইজনমানে জানিবলৈ দিয়ে৷