
নলবাৰীঃ নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ শনিবাৰে গ্ৰন্থমেলা মুকলি কৰে কৃষ্ণ কান্ত মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য ড০ হিতেশ ডেকাই। ৮৪ সংখ্যক ৰাস মহোৎসৱৰ গ্ৰন্থমেলা মুকলি কৰি ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ দৰে অনুষ্ঠানত গ্ৰন্থ মেলা আয়োজন কৰাটো গ্ৰন্থ আন্দোলনৰ বাবে শুভ লক্ষণ বুলি কয়।
গ্ৰন্থ এখনেও সমাজৰ দিশ নিৰ্ণয় কৰিব পাৰে বুলি দোহাৰে ড০ হিতেশ ডেকাই। হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ যুটীয়া সম্পাদক পংকজ বৰ্মনে অাঁতধৰা অনুষ্ঠানটোত সভাপতি তথা বিধায়ক অশোক শৰ্মা, বিশিষ্ট লেখক, সাহিত্যিক বসন্ত কুমাৰ ভট্ৰাচাৰ্য্য, সাংবাদিক বিশ্বজিৎ দাস, নলবাৰী হৰিমন্দিৰৰ সভাপতি চন্দ্ৰ কলিতা, সম্পাদক নগেন ডেকা, ৰাস মহোৎসৱৰ অন্যতম সম্পাদক মনোজ কুমাৰ চৌধুৰী প্ৰমুখ্যে গ্ৰন্থমেলাৰ তত্বাৱধায়ক সুভাস দেৱনাথ, অাহ্বায়ক দিলিজিৎ বৰ্মন প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকে।