বৰনদ্দীঃ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ  ৮৫ সংখ্যক ৰাস মহোৎসৱ অহা ২৩ নৱেম্বৰৰপৰা ৫ ডিচেম্বৰলৈ তেৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ মহোত্সৱখনি সুকলমে পৰিচালনা কৰাৰ বাবে নলবাৰীৰ স্থানীয় বিধায়ক অশোক শৰ্মাক সাধাৰণ সম্পাদক আৰু নগেন ডেকাক উদযাপন সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে৷ মহোত্সৱখনিৰ বাবে এতিয়া নলবাৰীৰ সৰ্বত্ৰ আৰম্ভ হৈছে ব্যাপক প্ৰস্ততি৷ ২৩ নৱেম্বৰৰ সন্ধিয়া ৰাস মহোৎসৱখনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে৷ লগতে হৰিমন্দিৰৰ নৱ-নিৰ্মিত অতিথিশালাটোও আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ’ব৷ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী আলফনছ কান্ননথানাম, ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ মহোৎসৱৰ বাবে ১৮ খন উপ-সমিতি গঠন কৰা হ’ব৷ মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থৰ বাবে কেশৱ বৰ্মনক সভাপতি আৰু সুভাষ দেৱনাথক সম্পাদক বাছনি কৰা হৈছে৷ উল্লেখ যে ২০১৭ চনৰ ২১ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে হৰিমন্দিৰৰ দুমহলীয়া অতিথিশালা নিৰ্মানৰ আধাৰশিলা স্থাপন কৰিছিল৷ অতিথিশালাৰ বাবে ধাৰ্য কৰা ২ কোটি টকাৰ ১ কোটি টকা আবণ্টন কৰা হয়৷ এই আবণ্টিত ধনেৰে প্ৰথম মহলাৰ অতিথিশালাটো নিৰ্মাণ কৰি উলিওৱা হয়৷