নলবাৰীঃ অসমৰ ৰাস মহোসৱ বুলি কলেই নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ কথাই মনলৈ আহে৷ উজনি-নামনিৰ হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাসস্থলী। লোকে লোকাৰণ্য হৈ পৰা এই ৰাসত কৃষ্ণৰ মৃণ্ময় মুৰ্তিবোৰৰ কথাই সুকীয়া৷ ৮৪ সংখ্যক ৰাস মহোৎসৱ এইবেলি অহা ৩ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ১৩ দিনীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে বিয়লি হৰিমন্দিৰত অনুষ্ঠিত এক সংবাদমেলত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা লগতে সম্পাদক মনোজ কুমাৰ চৌধুৰী আৰু পংকজ বৰ্মনে ৩ নৱেম্বৰৰ আবেলি নলবাৰী গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব বুলি কয়৷

উদ্বোধক হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা। অনুষ্ঠানত স্মৃতিগ্ৰন্থ  উন্মোচন কৰিব আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

উদ্বোধনী অনুষ্ঠানৰ পিছতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক দেৱপ্ৰসাদ মিশ্ৰই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে কন্ঠ শিল্পী সুবাসনা দত্ত উপস্থিত থাকিব। ৪ নৱেম্বৰত গ্ৰন্থ মেলা, ৫ৰ পৰা ৭ নৱেম্বৰলৈ নাগাৰা নাম প্ৰতিযোগিতা ৮, ৯ নৱেম্বৰত ঢুলীয়া প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব।

প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰোৰা হৰিমন্দিৰৰ সাহাৰ্য্যত ন' খনকৈ ভ্ৰাম্যমান থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। ১৫ নৱেম্বৰৰ সামৰণি অনুষ্ঠানৰ নিশা সাংস্কৃতিক অনুষ্ঠানত কন্ঠ শিল্পী বাবু, আৰোহণ বৰদলৈ আৰু মধুস্মিতা শইকীয়াই গীত পৰিবেশন কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ।