
নলবাৰীঃ নলবাৰী চহৰৰ শান্তিপুৰস্থিত নাৰ্চ অাৰু লেৱৰেটৰী শিক্ষাৰ অাগশাৰী শিক্ষানুষ্ঠান ইনষ্টিটিউট অৱ এলাইড হেলথ ছাইন্স এণ্ড পেৰামেডিকেল টেকন’লজিৰ সহযোগত অাৰু হেলথ কেয়াৰ ছোচাইটিৰ সৌজন্যত শনিবাৰৰপৰা বিনামূলীয়া ভাৱে স্বাষ্হ্য শিবিৰ, প্ৰেচাৰ, ৰক্ত বৰ্গীকৰন শিবিৰ মুকলি কৰা হৈছে।
এই অনুষ্ঠানটো মুকলি কৰে সঞ্চালক ডঃগোকুল শৰ্মাই। ৰাসযাত্ৰী সকলৰ সুবিধাৰ্থে ২৪ ঘন্টাই ৰাইজৰ সেৱাৰ্থে মুকলি হোৱা স্বাস্থ্য শিবিৰটোত ভিন্ন প্ৰান্তৰ ৰাস যাত্ৰীয়ে বিনামূলীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰে।