
নলবাৰীঃ বৰক্ষেত্ৰীৰ বামুণবড়ীত হজৰত ৰমজান শ্বাহ (ৰঃ) ইছলামীয়া মাদ্ৰাছা কৰ্তৃপক্ষৰ উদ্যোগত অহা ১৯ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অষ্টম বাৰ্ষিক দ্বীনি জলছাহ তথা ধৰ্মীয় আলোচনা সভা৷ কাৰ্যসূচী অনুসৰি ১৯ নৱেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। পুৱা ৯-৩০ বজাত বৃক্ষৰোপণ কৰিব হজৰত ৰমজান শ্বাহ(ৰঃ) ইছলামীয়া মাদ্ৰাছাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ খয়বৰ আলীয়ে।
পুৱা ১০ বজাত মঞ্চ উদ্বোধন কৰিব জলছাহ পৰিচালনা সমিতিৰ সভাপতি পিয়াৰুল হকে। পুৱা ১০-৩০ বজাত বামুণবড়ী গাঁও উন্নয়ন সমিতিৰ সভাপতি ফাইজুৰ ৰহমানৰ সঞ্চালনাত “সাম্প্ৰতিক পৰিস্থিতিত মাদ্ৰাছাসমূহৰ ভূমিকা-অভাৱ-অভিযোগ” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। আলোচনা চক্ৰত আলোচক হিচাপে বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইলিয়াছ আলী আহমেদ, কনিষ্ঠ অভিযন্তা তমিজ উদ্দিন আহমেদ, ৰামপুৰস্থিত জনতা হাইস্কুলৰ প্ৰধান শিক্ষক মমতাজ কাকতি, শ্বহীদ সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুল আলী, অধিবক্তা আনোৱাৰ হুছেইনৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকিব।
পুৱা ১১বজাৰ পৰা ক্বেৰাত পাঠ আৰু গজল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দিনৰ ১ বজাৰ পৰা মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ চান্দ মহম্মদ আলীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব।
মুকলি সভাত মুখ্য অতিথি হিচাপে পীৰে কামিল আলহাজ শ্বেখ হজৰত মৌলানা য়াহয়া, জানিছিনে কুতবুল আলম শ্বেয়খুল হাদিছ হজৰত মৌলানা আহমদ আলী(ৰঃ), বিশিষ্ট অতিথি হিচাপে দৰঙৰ শিঙিমাৰী হাফিজীয়া মাদ্ৰাছাৰ শিক্ষক হজৰত হাফিজ ক্বাৰী গিয়াছুদ্দিন আহমেদ, নিৰ্দিষ্ট বক্তা হিচাপে লোহাৰকাঠাৰ পূৱ বৰক্ষেত্ৰী আলিয়া মাদ্ৰাছাৰ শিক্ষক হজৰত ক্বাৰী মৌলানা আইনুল হক আৰু আমন্ত্ৰিত অতিথি হিচাপে লখিমপুৰৰ দাৰুল উলুম আহমেদপুৰ মাদ্ৰাছাৰ মুহতামিম হজৰত হাফিজ ক্বাৰী মৌলানা মুফতি চাইফুদ্দিন আহমেদ বুলবুলি, মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰৱী বিভাগৰ মুৰব্বী অধ্যাপক ড০ চফুৰ আলী উপস্থিত থাকিব। মুকলি সভাৰ অন্তত আখেৰী দোৱা কৰিব পীৰে কামিল আলহাজ শ্বেখ হজৰত মৌলানা য়াহয়াই।