05
Jan
2019

নলবাৰীঃ টিহুৰ পশ্চিম বৰপীটত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড৷ ধানখেৰ ভৰ্তি এখন ট্ৰেক্টৰ পথেৰে গৈ থকা অৱস্থাতে পশ্চিম বৰপীঠ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতে বৈদ্যুতিক তাঁৰ চিঙি খেৰ কঢ়িওৱা টেক্টৰ খনত পৰি যায়৷
ট্ৰেক্টৰখনৰ খেৰতসগে লগে জুই লাগি দাও দাওকৈ জ্বলি উঠে। স্থানীয় ৰাইজৰ সহযোগত টিহুৰপৰা যোৱা অগ্নি নিৰ্বাপক বাহিনীৰদ্বাৰা জুই নিৰ্বাপন কৰা হয়৷
অগ্নিকাণ্ডৰ ফলত গাঁওৰ বহুত ঘৰ জুইত জাহ যোৱাৰপৰা কথমপি ৰক্ষা পৰে।