
newsnextone.com | নলবাৰীঃ দিছপুৰৰ গাদীত বহা বিজেপি চৰকাৰৰ নিৰ্দেশ পালন নকৰে এচাম চৰকাৰী বিষয়াই৷ কৰ্ম সংস্কৃতিৰ কথা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে যদিও তেনে কথাক কেৰেপ নকৰে একাংশ বিষয়াই৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে নতুনকৈ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ যিমানেই নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে কাৰ্যতঃ সকলোবোৰ যে ভেকোভাঁওনাত পৰিণত কৰিছে একাংশ বিষয়াই৷
পৰিবহন বিভাগৰ দৰে সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ সেৱাৰ দায়িত্বত নিয়োজিত হৈ বিভাগটোৰ এটা গুৰুত্বপূৰ্ণ পদবীত থাকি কেনেকৈ মাহৰ পিছত মাহ ধৰি কাৰ্যালয়ত ফাঁকি দি আহিছে তাৰ প্ৰমাণ শনিবাৰে পোৱা গ’ল৷
নলবাৰী জিলা পৰিবহন বিষয়াগৰাকীয়ে সময় মতে কাৰ্যালয়ত নহাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ ফলত ৰাইজৰ অভিযোগৰ ভিত্তিত শনিবাৰে জিলাখনৰ উপায়ুক্তই কাৰ্যালয়ত তলা ওলোমাই। নলবাৰী জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে তলা ওলোমাই দিয়ে।
জানিব পৰা মতে, ৰাইজৰ অভিযোগৰ ভিওিত শনিবাৰে দিনৰ ১২ বজালৈ পৰিবহন বিষয়াগৰাকী কাৰ্যালয়ত উপস্থিত নোহোৱাৰ বাবে উপায়ুক্তগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে, পূৰ্বৰে পৰা নলবাৰী জিলা পৰিবহন বিভাগৰ পৰিবহন বিষয়াগৰাকীৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷