বৰনদ্দীঃ নলবাৰী জিলাৰ বেংক বিষয়ক জিলা পৰ্য্যালোচনা সমিতিৰ ত্ৰিমাসিক সভাখন শুকুৰবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত দিনৰ ১১ বজাত অনুষ্ঠিত হৈ যায়। জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কালিৰ এই জিলা পৰ্য্যায়ৰ সভাখনত বেংক সমূহত ঋণ জমা অগ্ৰাধিকাৰ(C.D. Ratio) ক্ষেত্ৰত আগবঢ়োৱা ঋণ যেনে- কৃষি ঋণ, কে চি চি, আত্মসহায়ক গোটলৈ আগবঢ়োৱা ঋণ তথা পি এম ই জি পি, সঞ্চয় আদি আঁচনিৰ ওপৰত আলোচনা কৰা হয়।

ভাৰপ্ৰাপ্ত নলবাৰী জিলাৰ অগ্ৰণী বেংক বিষয়া প্ৰতীক পদ্দৰে সভাত জানিবলৈ দিয়ে যে যোৱা ডিচেম্বৰ মাহলৈকে জিলাখনৰ বেংক সমূহত মুঠ ঋণ জমাৰ হাৰ আছিল ৫৫% আৰু চলিত ২০১৮-২০১৯ বৰ্ষত বাৰ্ষিক ঋণ যোজনাৰ অধীনত আগবঢ়োৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১৫৪.২১ লক্ষৰ বিপৰীতে ২৭%। 

আনহাতে, জিলা উপায়ুক্ত দেৱ চৌধুৰীয়ে জিলাখনৰ কিছুমান বেংকে ঋণ প্ৰদানৰ ক্ষেত্ৰত দেখুওৱা অনীহাৰ বাবে উদ্গীন্নতা প্ৰকাশ কৰে আৰু সকলো বেংক কৰ্তৃপক্ষক মুকলি মনেৰে ঋণ দিয়াৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সভাত উপস্থিত থকা ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি বিষয়া গৰাকীয়ে বিভিন্ন উন্নয়ন বিভাগৰ দায়িত্বত থকা বিষয়া সকলক ঋণ প্ৰদান প্ৰক্ৰিয়াৰ গুণগত মানদণ্ড ৰক্ষা কৰাৰ লগতে পাছত সেই ঋণৰ ধনৰ সদব্যৱহাৰ তথা ঋণৰ কিস্তি সময়মতে আদায় সুনিশ্চিত কৰিবলৈ তথা সম্ভৱপৰ সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। 

উক্ত সভাত ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি বিষয়া গৌতম ধৰ, নাৱাৰ্ডৰ জিলা প্ৰবন্ধক দেৱজ্যোতি বিশ্বাস, বেংক সমূহৰ জিলা সম্বনয়ক সকলৰ লগতে জিলাখনৰ উন্নয়নৰ দায়িত্বত থকা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।