তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত প্ৰতিবছৰৰ দৰে এইবাৰো আছু আৰু অসম সেনাৰ উদ্যোগত সোমবাৰে আয়োজন কৰা হয় নামেৰী মাৰাথন।  

বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনাৰ উদ্যোগ, বালিপৰা প্ৰেছ ক্লাৱ, এবছু, আক্ৰাছু, টি এম পি কে, আগছু, আটছা, আছা, ৰঙাপৰা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অঞ্চলবাসী ৰাইজৰ সহযোগত বালিপৰা চেন্টাৰৰপৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জীয়াভৰলী নদীৰ সমীপলৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যান, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণ আৰু জীয়াভৰলী নৈৰ সংৰক্ষণৰ আহ্বানেৰে নামেৰী মাৰাথন আয়োজন কৰ‍া হয়।

পুৱা ০৫.০০ বজাৰপৰা অনুষ্ঠিত নামেৰী মাৰাথানৰ অনুষ্ঠানত আয়োজকে উদগণিমূলক পুৰস্কাৰ হিচাপে প্ৰথম স্থানপ্ৰাপ্তক নগদ ২০০০ টকা আৰু মানপত্ৰ আৰু ক্ৰমে দ্বিতীয়ৰপৰা অষ্টম স্থান প্ৰাপ্তক নগদ ১০০০ টকাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। 

উল্লেখ্য যে, অনু্ষ্ঠানটোত অৰণ্যমানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েং আৰু আদৰ্শ খেতিয়ক, প্ৰকৃতিপ্ৰেমী টেনজিং বড়োচা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।