শিৱসাগৰঃ হিন্দু বাংলাদেশীৰ বিষয়টোত ৰাজ্যৰ কিছু সংখ্যক বাঙালী সংগঠন, ৰাজ্য চৰকাৰ আৰু শেহতীয়াভাৱে অসম সাহিত্য সভাই লোৱা দুমুখীয়া স্থিতিক তীব্ৰ সমলোচনা কৰিছে ঐক্য সেনা, অসমে।
ইয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন ডাষ্টবিনত দলিয়াবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী কৰে সংগঠনটোৱে।

দেওবাৰে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলাৰ নামতি অঞ্চলিক সমিতি গঠনৰ লগতে নাৰী নিৰ্যাতন আৰু নাৰী সৱলীকৰণৰ উদ্দেশ্যৰে নামতি চাৰিআলি হাইস্কুলত আয়োজন কৰা ৰাজহুৱা সভাখনত উপস্থিত থাকি সেনা অসমৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামে ভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সম্প্ৰদায়িক বান্ধোনত বিষবাস্প বিয়পাই দিয়া বিধায়ক শিলাদিত্যৰ দৰে জাতিদ্রোহী মানসিকভাৱে অস্বাভাৱিক লোকক অতি শীঘ্ৰে লেকাম লগাই তেজপুৰৰ পগলা ফাটেকত ৰাখিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়৷

আনহাতে অনু্ষ্ঠানত ঐক্য সেনা অসমৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক সম্পৰ্কত অসম গণ পৰিষদ কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ শেহতীয়া স্থিতিক সমলোচনা কৰি লোভ বাদ দি ৰাইজৰ স্বাৰ্থত বিজেপি চৰকাৰ ত্যাগ কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজক সন্মান কৰিব নজনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দুমুখীয়া নীতিৰ বাবেই অসমবাসীয়ে নিজৰ জাতীয় সত্তা হেৰুওৱাৰ উপক্ৰম হৈছে বুলিও মন্তব্য কৰে।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য সম্পাদক জাকিৰ হুছেইনে পতাকা উত্তোলনেৰে উদ্বোধন কৰা অনুষ্ঠানটোত বৃক্ষৰোপনৰ পাছতেই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাচান আলীয়ে উদ্বোধন কৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ইব্রাহীম আলীয়ে। উক্ত সভাত সংগঠনটোৰ বিষয়ববীয়াসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় ‘বেটি বচাও বেটি পঢ়াও’ প্ৰধানমন্ত্ৰীজনৰ মুখত শোভা নাপায়। তেওঁলোকৰ মতে, যিখন দেশত দৈনিক মহিলাক বলাৎকাৰ, নিৰ্যাতন, হত্যা হৈ আছে, সেইখন দেশত প্ৰধানমন্ত্ জনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈহে এনে মন্তব্য কৰে। আনহাতে, কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদিকা প্ৰতিভা নাথে সাম্প্ৰতিক সময়ত অসমৰ নাৰী সমাজে বীৰংগনা কনকলতাৰ দৰে আত্মবলিদান দি অসমীয়া জাতি, ভাষা, সংস্কৃতি উদ্ধাৰ কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। 

আনহাতে, সভাত চৰকাৰৰ শেহতীয়া কাম- কাজক তীব্ৰ সমলোচনা কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, উপ-সভানেত্রী অনিতা ভূঞা, উপদেষ্টা মনোৰঞ্জন বৰা, সম্পাদক ফৰিদ ইছলাম হাজৰিকা, সহঃ সম্পাদক ৰূপম সোণোৱাল, শিৱসাগৰ জিলা সভাপতি বাবুল বেনেট লগতে ভালেকেইজন গণ্য-মান্য ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। উল্লেখ যে, উক্ত সভাতেই সৰ্বভাৰতীয় সন্মান লাভ কৰা বকতাৰ মুনমী বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে সভাৰ শেষত ইব্রাহীম আলীক সভাপতি, লাচিত দত্তক কাৰ্যকৰী সভাপতি, গোলাপজান আলীক মুখ্য সম্পাদক, ৱাকিল আলী আৰু আচিক আহমেদক যুটীয়া সম্পাদক হিচাপে লৈ এখন ৮১ জনীয়া শক্তিশালী নামতি সমিতিখন গঠন কৰা হয়।