
নামতিঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নামতিত শনিবাৰে ৰাজ্য চৰকাৰ তথা দক্ষ মন্ত্ৰী হিচাপে জহাই ফুৰা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি স্বাস্থ্য সেৱাৰ উন্নয়ন কৰাৰ দাবী জনায় ৰাইজে৷ নামতিৰ একমাত্ৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক-নাৰ্ছ নথকাৰ লগতে গৃহ সমূহ জহি-খহি যাব ধৰাত স্থানীয় ৰাইজে পৰিত্যক্ত চিকিৎসালয় ঘেৰাও কৰি চৰকাৰক ধিক্কাৰ দিয়ে।
জাতি-মাটি-ভেটিৰ কথা কৈ ভোট আদায় কৰা চৰকাৰৰ তিনিটা বছৰ পাৰ হ’বৰ হ’ল যদিও গ্ৰাম্য এলেকাৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা, ৰাস্তা ঘাট আদিৰ উন্নয়নত চৰকাৰে কেতিয়া গুৰত্ব প্ৰদান কৰিব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে৷ শনিবাৰে পুৱাই নামতি অঞ্চলৰ ৰাইজে নামতি ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত কেন্দ্ৰৰ জৰাজীর্ণ গৃহ মেৰামতি-নিৰ্মাণ, চিকিৎসক-নাৰ্ছ নিযুক্তিৰ দাবীত চিকিৎসালয় খন ঘেৰাও কৰে স্থানীয় ৰাইজে। নামতি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰি ক্ষোভ ব্যক্ত কৰে ৰাইজে৷
মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে পৰিৱৰ্তনৰ শ্ল’গান দি প্ৰতিটো বিভাগতে উন্নয়নৰ জয়ঢোল বজাই আহিছে তেনে সময়তে শিৱসাগৰ জিলাৰ নামতি ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰাজীর্ণ অৱস্থাই ৰোগীয়ে বাৰুকৈ জ্বলা-কলা খাব লগা হৈছে। দেশ স্বাধীন হোৱাৰ পূৰ্বেই শিৱসাগৰৰ জিলাখনৰ ঐতিহ্যমণ্ডিত নামতি অঞ্চলত স্থাপন কৰা একমাত্ৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো জহি-খহি যোৱাত চিন্তিত হৈ পৰিছে ৰাইজ।
স্বাস্থ্য কেন্দ্ৰটো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে মৃত্যুমুখলৈ গতি কৰিছে বুলি কয় ৰাইজে। যাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে প্রায় ১৫-২০ কিঃ মিঃ অতিক্ৰম কৰি শিৱসাগৰ নাইবা নাজিৰালৈ গৈ চিকিৎসা সেৱা গ্ৰহণ কৰিব লগা হয়৷ চিকিৎসা কেন্দ্ৰটোত গ্ৰাম্যঞ্চলৰ যি দুই এজন লোকে চিকিৎসা কৰিবলৈ আহে যদিও চিকিৎসকে ভগ্নপ্রায় কোঠাত চিকিৎসা সেৱা আগবঢ়াব লগা হয়৷
স্বাস্থ্য কেন্দ্ৰটোত থকা চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীৰ আৱাসগৃহ সমূহো দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জহি-খহি গৈছে। চিকিৎসালয় খনৰ জৰাজীর্ণ অৱস্থাৰ বাবে বিশেষকৈ জটিল ৰোগত আক্ৰান্ত ৰোগী আৰু প্ৰসূতিৰ ক্ষেত্ৰত ৰাইজ স্থানীয় ৰাইজে যথেষ্ঠ সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ অঞ্চলটোৰ ৰাইজ আৰু দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি কয় ৰাইজে৷
চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ হৈ নামতি আঞ্চলিক উন্নয়ন সমিতিয়ে শনিবাৰ পুৱাই চিকিৎসালয়খন ঘেৰাও কৰে। পুৱা ১০ বজাত নামতি আলি ৰেল ষ্টেচনৰ পৰা সমদল কৰি ৰাইজে নামতি প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত উপস্থিত হয় বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷