লখিমপুৰঃ লখিমপুৰৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, সমাজ সেৱক, জ্যেষ্ঠ সাংবাদিক, ভাস্কৰ্য নিৰ্মাতা নন্দ কিশোৰ মহেশ্বৰীৰ আজি সন্ধিয়া ৬-৩০ বজাত দেহাৱসান ঘটে।

১৯৪৮ চনৰ ৯মে'ত জন্মগ্ৰহণ কৰা নন্দ কিশোৰ যোৱা  কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। তেওঁ লখিমপুৰত শিৱ মন্দিৰ, গনেশ মন্দিল, দুৰ্গা মন্দিৰ নিৰ্মান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

তেওঁ দুবাৰকৈ লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। বোলছবি নিৰ্মাতা কিশোৰ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি আছিল। তেওঁৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰে।